ETV Bharat / state

ভূপেন্দ্ৰ সাহিত্যৰ পৰিকল্পনা ড৹ ভূপেন হাজৰিকা ফাউণ্ডেশ্বনৰ

author img

By

Published : Nov 5, 2021, 8:54 PM IST

যোৰহাট প্ৰেছ ক্লাৱত আয়োজন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু বাৰ্ষিকী ৷ এই অনুষ্ঠানৰ পৰাই ড৹ ভূপেন হাজৰিকা ফাউণ্ডেশ্বনৰ আহ্বান ‘ভূপেন্দ্ৰ সংগীত’ৰ দৰে ‘ভূপেন্দ্ৰ সাহিত্য’কো সংযোজন কৰক সাহিত্যত ৷

hazorika foundation celebrate Death anniversary of dr bhupen hazarika in jorhat
যোৰহাটত আয়োজন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু বাৰ্ষিকী

যোৰহাট, 5 নৱেম্বৰ : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু বাৰ্ষিকী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা হৈছে ভিন্ন অনুষ্ঠানৰ ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে যোৰহাট প্ৰেছ ক্লাৱতো আয়োজন কৰা হৈছে সুধাকণ্ঠগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

ভূপেন্দ্ৰ সাহিত্যৰ পৰিকল্পনা ড৹ ভূপেন হাজৰিকা ফাউণ্ডেশ্বনৰ

সংগীতৰে জগত জিনি চিৰদিনৰ বাবে চিৰযুগমীয়া হৈ পৰিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা । সুধাকণ্ঠৰ দশম মৃত্যু দিৱসৰ এই বিশেষ দিনটোতে পুনৰ এক কালজয়ী পৰিকল্পনা কৰিছে ড৹ ভূপেন হাজৰিকা ফাউণ্ডেশ্বনে । বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাই গীতৰে জগত জিনাৰ কথা সকলোৱে জ্ঞাত । কিন্তু তেখেতৰ সাহিত্য চৰ্চা হয়তো বহুৰ বাবে আজিও অচিনাকী ৷

লগতে পঢ়ক : দীঘলীপুখুৰীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আছুৰ

সুকীয়া ৰচনাশৈলী প্ৰায় ৬ শৰো অধিক ৰচনাৰ ভিতৰত "বিন্দু", "আমাৰ প্ৰতিনিধি", "প্ৰতিধ্বনি" আদি আলোচনী আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত সম্পাদনা কৰা ভাৰতীয়সকলৰ মুখপত্ৰ ‘NEW INDIA’ যোগে প্ৰকাশিত হৈছিল বিভিন্ন লেখা ৷ বিশ্ব সাহিত্যৰ ভালেমান অনুবাদ কৰ্ম, স্ব-ৰচিত ৰচনা কবিতা, গল্প, চিত্ৰনাট্য, সংগীতালেখ্য আৰু সুধাকন্ঠৰ গীতি সাহিত্যসমূহ স্বকীয় ৰচনাশৈলী সমসাময়িক অন্য সাহিত্য কৰ্মতকৈ যথেষ্ট পৃথক ।

এই সকলোবোৰ ইতিমধ্যে অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীৰ দিনা তেখেতৰ ৰচনা শৈলীৰ বাবে শিল্পী গৰাকীক "সাহিত্যাচাৰ্য" উপাধি প্ৰদান কৰিছিল । যোৰহাটৰ ড৹ ভূপেন হাজৰিকা ফাউন্ডেশ্বনে এই সকলোবোৰ সামৰি নৱতম প্ৰস্তাৱলৈ "ভূপেন্দ্ৰ-সাহিত্য" সংযোজন কৰাৰ বাবে শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত আয়োজন কৰে এখনি সংবাদ মেলৰ ৷

এই সংবাদ মেলত ড৹ ভূপেন হাজৰিকা ফাউন্ডেশ্বনৰ সদস্যসকলৰ লগতে উপস্থিত থাকে ৰতিমোহন নাথ, প্ৰণীতা বৰুৱা, ৰঞ্জন দত্ত আৰু জয়ন্ত নাথ, পৰশমনি মহন্ত ।

লগতে পঢ়ক : আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.