ETV Bharat / state

টীয়কত জাঁজী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ওলমা দলং - Hanging bridge by locals of Tiok over Jaji river

জাঁজী নদীৰ ওপৰত থকা এই ভঙা দলং খনে দীৰ্ঘদিনে জীয়াতু ভুগাইছে বৃহত্তৰ ঔগুৰি অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজক ৷ উপায়হীন হৈ বাৰিষা হ'লে এখন টুলুঙা নাৱৰে আৰু খৰালি হ'লে এখন বাঁহৰ দলঙেৰে ইপাৰ-সিপাৰ হোৱাৰ লগত গাখীৰ, মাছ, শাক-পাচলিকে আদি কৰি বিভিন্ন কৃষি জাত সামগ্ৰী টীয়কৰ বজাৰ সমূহলৈ নিতৌ সৰবৰাহ কৰিব লগীয়া হৈছে স্থানীয় খেতিয়কসকলে।

Hanging bridge by locals of Tiok over Jaji river
টীয়কত জাঁজী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ওলমা দলং
author img

By

Published : Jun 4, 2020, 10:37 AM IST

টীয়ক, 4 জুন: যোৰহাট জিলা টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত এজাৰগুৰিত থকা এখন দলঙে দুৰ্ভোগ ভুগাইছে কৃষি প্ৰধান অঞ্চল হিচাপে খ্যাত বৃহত্তৰ ঔগুৰি অঞ্চলৰ হাজাৰ হাজাৰ লোকক ৷ জাঁজী নদীৰ ওপৰত থকা এই ভঙা দলং খনে দীৰ্ঘদিনে জীয়াতু ভুগাইছে বৃহত্তৰ ঔগুৰি অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজক ৷ উপায়হীন হৈ বাৰিষা হ'লে এখন টুলুঙা নাৱৰে আৰু খৰালি হ'লে এখন বাঁহৰ দলঙেৰে ইপাৰ-সিপাৰ হোৱাৰ লগত গাখীৰ,মাছ, শাক-পাচলিকে আদি কৰি বিভিন্ন কৃষি জাত সামগ্ৰী টীয়কৰ বজাৰ সমূহলৈ নিতৌ সৰবৰাহ কৰিব লগীয়া হৈছে স্থানীয় খেতিয়কসকলে। প্ৰতিটো নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱত সেইয়া আজিলৈও হৈ নুঠিল ৷

টীয়কত জাঁজী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ওলমা দলং

উল্লেখ্য যে, জাঁজী নদীৰ ওপৰত থকা এই দলং খন আজিলৈকে নিৰ্মাণ নোহোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে টীয়ক আৰু শিমলুগুৰি মৌজাৰ অন্তৰ্গত এজাৰগুৰি, গোহাঁই গাঁও, অৰুণামুখ, বৰমথাউৰি,বৰালিমৰা , সোণাৰীআতি, নেপালী খুটিকে আদি কৰি প্ৰায় কুৰিখন গাঁৱৰ কৃষকসকল ৷ যাতায়তৰ অসুবিধাৰ বাবে উৎপাদিত সামগ্ৰী বহু সময়ত বিক্ৰী কৰিব নোৱাৰে কৃষক সকলে ৷ যাৰ ফলত বাৰিষা হলেই কৃষকসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থা ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলবাসীৰ লগতে বিভিন্ন দল সংগঠনে ৰজা ঘৰীয়াক জাঁজী নদীৰ ওপৰত এজাৰগুৰিত এখন পকী দলঙৰ দাবী জনাই আহিছে যদিও চৰকাৰৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ ৰাইজৰ ৷ উপায়হীন ৰাইজৰ সহায়ৰ বাবে স্থানীয় যুৱকসকলে নিজ নিজ ঘৰৰ পৰা কাঠ বাঁহ সংগ্ৰহ কৰি নদীখনৰ ওপৰত সাজি উলিয়াইছে এখন ওলমা বাঁহৰ দলং। শেহতীয়াকৈ টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এই ক্ষেত্ৰত লোৱা পদক্ষেপত ৰাইজৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছে ৷

লগতে পঢ়কঃমুম্বাইত তাণ্ডৱ চলায় মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.