যোৰহাট,2 জুনঃ যোৰহাটত শৰীৰ চৰ্চাবিদৰ প্ৰতিবাদী কাৰ্যসূচী ৷ লক ডাউনৰ ফলত সমগ্র দেশত বন্ধ হৈ পৰিলে বিভিন্ন ব্যসায়িক প্ৰতিষ্ঠান,শিক্ষানুষ্ঠান,ক্ষুদ্ৰ, লঘু তথা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ। তাৰ লগতে স্বাস্থ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শৰীৰৰ চৰ্চাৰ কেন্দ্ৰ সমূহো বন্ধ হৈ আছে বৰ্তমানলৈকে। বন্ধ হৈ থকা শৰীৰ চৰ্চা কেন্দ্ৰ সমূহ পঞ্চমটো লক ডাউনতো খোলাৰ অনুমতি প্ৰদান নকৰাৰ বাবে ক্ষুন্ন হৈ পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ মালিক পক্ষৰ লগতে শৰীৰ চৰ্চাবিদসকল ৷ যোৱা মাৰ্চৰ মাহৰ ১৫ তাৰিখৰ পৰাই শৰীৰ চৰ্চা কেন্দ্ৰ সমূহ বন্ধ হৈ থকাৰ ফলত আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হৈ পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ মালিকৰ লগতে প্ৰশিক্ষকসকল ৷ যাৰ ফলত আৰ্থিক সাহাৰ্যৰ লগতে ৯ জুনৰ ভিতৰত শৰীৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলি কৰা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাটৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ মালিক পক্ষৰ লগতে প্ৰশিক্ষক সন্থাই ৷
লগতে চাওকঃ দিল্লীত কৰ'ণাত আক্ৰান্ত ৬৩ বছৰীয়া ব্যক্তিৰ আত্মহত্যা