যোৰহাট,12ফেব্ৰুৱাৰী : চলচ্চিত্ৰ জগতখনৰ লগত জড়িত হোৱাৰ সপোন সকলোৰে থাকে ৷ এই উদ্দেশ্যৰে জে বি প্ৰডাকচনে নৱ-প্ৰজন্মলৈ লৈ আহিছে এক সুখবৰ ৷ ইমেজ ক্ৰিয়েটিভ ষ্টুডিঅ'ৰ উদ্যোগত আৰু জে বি প্ৰডাকচনৰ সহযোগত অনুষ্ঠিত কৰা হ'ব এক স্ক্ৰীপ্ট ৰাইটিং প্ৰতিযোগিতা ৷
এই প্ৰতিযোগিতাৰ যোগেদি নৱ প্ৰজন্মৰ কাল্পনিক তথা সৃষ্টিশীল প্ৰতীভাক এক মান্যতা দিয়াৰ যত্ন কৰা হৈছে ৷ প্ৰতিযোগী সকলে অনলাইনযোগে অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগীতাত ৷
চলিত বৰ্ষৰ ৩০ এপ্ৰিললৈকে স্ক্ৰীপ্ট সমূহ www.imagixcreativestudio.com/subimission ত জমা দিব পাৰিব ৷ এই অনুষ্ঠানত অভিনেতা যতিন বৰা, প্ৰযোজিকা নবনীতা শৰ্মা বৰা, হৃষিকেশ ভট্টাচার্য, জয়ন্ত নাথ, অভিনেতা পবিত্ৰ বৰুৱাৰ লগতে বহু লোক উপস্থিত থাকিব ।
এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা প্ৰতিযোগী গৰাকীৰ স্ক্ৰীপ্টৰ আধাৰত জে বি প্ৰডাকচনে নিৰ্মাণ কৰিব চলচিত্ৰ ৷
অন্য এক খবৰৰ বাবে: নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা