গোলাঘাট, 11 নৱেম্বৰ: গোলাঘাটত এজন কণমানি ছাত্ৰ বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা তীব্ৰবেগী ৱেগ’নাৰ বাহন এখনে খুন্দিয়াই দিয়াত থিতাতে মৃত্যু মুখত পৰে (school student spot dead at road accident)৷
ঘটনা অনুসৰি শুকুৰবাৰে পুৱা প্ৰতিদিনৰ দৰেই বিদ্যালয়লৈ ওলাইছিল চন্দনজ্যোতি গগৈ নামৰ কণমানি ছাত্ৰজন ৷ তাৰ পিছতেই ছাত্ৰজনক এখন তীব্ৰবেগী ৱেগ’নাৰ বাহনে নিয়ন্ত্ৰণ ৰখাব নোৱাৰি পিছফালৰ পৰা খুন্দিয়াই দিয়ে ৷ লগে লগে ছাত্ৰজন ৰাজপথত বাগৰি পৰে ৷
ঘটনা সংঘটিত কৰা ৱেগ’নাৰ বাহনখনৰ চলাকজনে কণমানি ছাত্ৰজনক গাড়ীত লৈ গৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসালয়ৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যেই চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰিছে ৷
ঘটনা সংঘটিত কৰা ৱেগ’নাৰ বাহনখনৰ নম্বৰ AS 03AG 4066 বুলি জানিব পৰা গৈছে ৷ যোগীবাৰী নিৱাসী কণমানি ছাত্ৰজন পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল ৷ স্কুলৰ পৰা সামান্য দূৰতেই সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷
ঘটনা সন্দৰ্ভত মৃত ছাত্ৰজনৰ পৰিয়ালে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ গাড়ীখন জব্দ কৰি ইতিমধ্যেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে গোলাঘাটৰ যান-বাহন শাখা আৰক্ষীয়ে ৷
লগতে পঢ়ক: Explosive rescued at Sonari: নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ, দুজনক আটক