টীয়ক,১নৱেম্বৰ: টীয়কৰ এগৰাকী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ মহানুভৱতা(generosity of a govt teacher) । স্বভাৱ সুলভতাৰে আনক সহায় কৰি ভালপোৱা চৰকাৰী শিক্ষাখণ্ডৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ২৭ বছৰে শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে অৱসৰৰ অন্তিম সময়চোৱাত বিদ্যালয়খনলৈ আগবঢ়ালে মহৎ দান ৷ ২৭ বছৰে শিক্ষকতা কৰা বিদ্যালয়খনৰ চৌহদৰ পকী বেৰ নিৰ্মাণ কৰি অৱসৰৰ দিনাই চমজালে বিদ্যালয় কৰ্তৃপক্ষক । টীয়কৰ মধ্য যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ ৫৫৫ নং গোঁহাই গাঁও প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰী এইগৰাকী শিক্ষয়িত্ৰীৰ নাম ইলীমা লাহন ।
নিজৰ গাঁঠিৰ ধন ভাঙি মৰমৰ বিদ্যালয়খনৰ চৌহদৰ পকী বেৰ নিৰ্মাণ কৰি দিয়াৰ লগতে এটা শ্ৰেণীকোঠা মেৰামতিৰ বাবে প্ৰয়োজনীয় আৰ্থিক সহায় আগবঢ়াই শিক্ষয়িত্ৰীগৰাকীয়ে দাঙি ধৰিছে মহানুভৱতাৰ পৰিচয় ৷ অৱসৰ গ্ৰহণৰ দিনাই শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ প্ৰয়োজনীয় মেৰামতিৰ কাম সমাপ্ত কৰি চমজাই দিয়ে বিদ্যালয় কৰ্তৃপক্ষৰ হাতত ।
শিক্ষানুষ্ঠানৰ লগতে অভিভাৱকসকলৰ মাজতো শিক্ষয়িত্ৰীগৰাকীয়ে কৰ্মৰাজিৰ যোগেদি গঢ়ি তুলিছে এক সুকীয়া পৰিচয় ৷ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ শিশুহঁতৰ বাবে এইগৰাকী শিক্ষয়িত্ৰীয়ে যিকোনো সময়তে আগবঢ়ায় সহায়ৰ হাত ৷ শিক্ষাৰ্থীসকলৰ লগতে পৰিয়ালবোৰৰ বাবেও যেন শিক্ষয়িত্ৰীগৰাকী বিপদৰ বন্ধু । ক’ভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰ্থিকভাবে কোঙা হৈ পৰা পৰিয়ালবোৰলৈ শিক্ষয়িত্ৰীগৰাকীয়ে আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে পৰিয়ালসমূহক যোগান ধৰিছিল প্ৰয়োজনীয় সা-সামগ্ৰীৰ ৷ এনে গুণসমূহৰ বাবেই শিক্ষয়িত্ৰীগৰাকীয়ে সংশ্লিষ্ট অঞ্চলটোত এগৰাকী মানৱ দৰদী মহিলা হিচাপে লাভ কৰিছে বিশেষ সুনাম ৷
বিদায় বেলাত অভিভাৱক-শিক্ষক-কৰ্মচাৰীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় যাচিছে মানৱ দৰদী শিক্ষয়িত্ৰীগৰাকীক । নিজৰ মৰমৰ বিদ্যালয়খনক নিজৰ ঘৰৰ দৰে জ্ঞান কৰা তথা বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে তেওলোকৰ অভিভাৱকসকলকো আত্মীয় জ্ঞান কৰা দৰদী শিক্ষয়িত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও অনাগত দিনতো শিক্ষাদানৰ দৰে মহান সেৱা আগবঢ়াই যাব বুলি জানিবলৈ দিছে ৷ বিদ্যালয়খনৰ 'বৃদ্ধাঞ্জলি' নামৰ এপটোৰ যোগেদি অনলাইন প্ৰক্ৰিয়াৰে অৱসৰৰ পাছতো এইগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে পাঠদান চলাই যাব বুলি জানিবলৈ দিছে ৷ বিশ্বায়নে গ্ৰাস কৰা ব্যক্তিকেন্দ্ৰিক পৃথিৱীত ইলীমা লাহনৰ দৰে নাৰীৰ কৰ্মৰাজিয়ে সমাজলৈ প্ৰেৰণ কৰিছে বিশেষ বাৰ্তা ৷
লগতে পঢ়ক: DAC Election 2022: প্ৰতিশ্ৰুতি নহয়, এইবাৰ গামোচাৰে ভোটাৰৰ মন ভুলোৱাৰ চেষ্টা মন্ত্ৰী বিমল বৰাৰ