ETV Bharat / state

BREAKING NEWS: FRUৰ চিকিৎসক চালাহউদ্দিন আহমেদক শাস্তিমূলক বদলি

author img

By

Published : Oct 12, 2022, 4:19 PM IST

Updated : Oct 12, 2022, 9:59 PM IST

টীয়ক এফ আৰ ইউৰ চিকিৎসক চালাহউদ্দিন আহমেদক শাস্তিমূলক বদলি । গুৱাহাটীৰ NRHMৰ মুখ্য কাৰ্যালয়লৈ বদলি আহমেদক(FRU dr Salahuddin Ahmed transferred on punitive basis) ৷

FRU dr Salahuddin Ahmed transferred on punitive basis
FRUৰ চিকিৎসক চালাহউদ্দিন আহমেদক শাস্তি মূলক বদলি

টীয়ক, 9 অক্টোবৰ: টীয়ক এফ আৰ ইউৰ চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদক শাস্তি মূলক বদলি ৷ গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখ্য কাৰ্যালয়লৈ বদলি চিকিৎসকজন চালাহউদ্দিন আহমেদক ৷ জিলা উপায়ুক্তই গঠন কৰি দিয়া তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসকগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় এই শাস্তিমূলক ব্যৱস্থা (FRU dr Salahuddin Ahmed transferred on punitive basis) ।

ঘটনা অনুসৰি, শুকুৰবাৰে বিয়লি উচ্চ ৰক্তচাপত ভোগা টীয়কৰ জগদুৱাৰ সোণাৰি গাঁৱৰ নাৰায়ণ হাজৰিকা নামৰ এজন ৰোগীক জৰুৰীকালীন অৱস্থাত অনা হৈছিল টীয়ক FRU-লৈ । পিছে সেই সময়ত কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদ নামাজ পঢ়িবলৈ গৈছিল ।

ফলত ৰোগীৰ আত্মীয় চিকিৎসক নাপাই কৰ্মৰত অৱস্থাত থকা নাৰ্ছজনীকে ৰোগীজনক চিকিৎসা কৰিবলৈ অনুৰোধ জনায় যদিও তাত কোনো সঁহাৰি লাভ নকৰে । পিছত উপায়ন্তৰ হৈ সংকটজনক অৱস্থাত ৰোগীজনক আত্মীয়সকলে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ (Jorhat Medical College Hospital) লৈ যায় ৷

FRUৰ চিকিৎসক চালাহউদ্দিন আহমেদক শাস্তিমূলক বদলি

যদিও চিকিৎসালয় গৈ নৌপাওঁতেই ৰোগীজনৰ মৃত্যু হয় (Patient died absence of doctor at Teok) । অৱশ্যে চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগ নতুন নহয় ৷ ইয়াৰ পূৰ্বেও এইগৰাকী চিকিৎসকে চিকিৎসালয়ত ৰোগী এৰি থৈ কৰ্তব্যৰত অৱস্থাত নামাজ পঢ়িবলৈ বুলি প্ৰায় ৮ কিলোমিটাৰ নিলগৰ কাকজানলৈ যায় বুলি অভিযোগ উত্থাপন হৈছে । অকল সেয়াই নহয় ৰোগীসকলৰ লগতো দুৰ্ব্যৱহাৰ কৰাৰ লগতে কৰ্তব্যত সময়মতে উপস্থিত নথকাৰ অভিযোগো উত্থাপিত হৈছে চিকিৎসকজনৰ বিৰুদ্ধে (Allegation against FRU dr Salahuddin Ahmed) ।

ইপিনে প্ৰায়ে চিকিৎসকগৰাকী 8 বজাৰ পৰিৱৰ্তে 11 বজাৰ পাছতহে চিকিৎসালয়ত উপস্থিত হয় বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ চিকিৎসকগৰাকীৰ এই মইমতালিৰ সমগ্ৰ দৃশ্য ইতিমধ্যে চিচি টিভি কেমেৰাত বন্দী হৈছে ৷ ইপিনে টীয়ক FRU-ৰ অধীক্ষকগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ জনায় যে অভিযুক্ত চিকিৎসকগৰাকীয়ে যে কৰ্মৰত অৱস্থাত নামাজলৈ যায় তেওঁ সেই বিষয়ত জ্ঞাত নহয় বা তেওঁক নজনোৱাকৈয়ে যায় ।

লগতে পঢ়ক: চিকিৎসক নামাজ পঢ়িবলৈ গ’ল: চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু

Last Updated : Oct 12, 2022, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.