ETV Bharat / state

Gyanmarg Jatiyo Vidyalaya: টীয়কৰ জ্ঞানমাৰ্গ জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান

author img

By

Published : Mar 16, 2023, 7:44 PM IST

যোৰহাট জিলাৰ টীয়কৰ জ্ঞানমাৰ্গ জাতীয় বিদ্যালয়ৰ অভিনৱ পদক্ষেপ ৷ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক খোল বাদন, ঢোল বাদন, যোগৰ প্ৰশিক্ষণ আদিও বিনামূলীয়াকৈ প্ৰদান বিদ্যালয় কৰ্তৃপক্ষৰ (Free classes provides to students) ৷

Free classes provides to students at Gyanmarg School
টীয়কৰ জ্ঞানমাৰ্গ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান

টীয়ক, 16 মাৰ্চ: যি সময়ত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দিয়া নিৰ্দেশনা কাৰ্যকৰী কৰাত অনিহা প্ৰকাশ কৰিছে সেই সময়ত এখন বিদ্যালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এই বিশেষ বিদ্যালয়খন হৈছে টীয়কৰ কলিয়াপানীৰ জ্ঞানমাৰ্গ জাতীয় বিদ্যালয় (Gyanmarg Jatiyo Vidyalaya) ৷ বৃহস্পতিবাৰে বিদ্যালয় কৰ্তৃপক্ষই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰাৰ বিশেষ পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Free classes provides to students) ৷

২০২১ চনত টীয়কৰ উদ্যোগপতি, সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এই বিদ্যালয়খনত নাম ভৰ্তি, কিতাপ, বহী, স্কুল বেগ সকলো বিনামূলীয়া। উল্লেখযোগ্য যে দৰিদ্ৰ লোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহত ২৫ শতাংশ আসন সংৰক্ষণৰ বাবে ২০২১ চনতে স্মাৰক পত্ৰযোগে কেতবোৰ নীতি নিয়ম প্ৰস্তুত কৰিছিল ৷ কিন্তু অসম চৰকাৰে এই নীতি নিয়মসমূহৰ কাৰ্যকৰীকৰণ কৰা নাই বুলি এগৰাকী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল ৷ এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে দৰিদ্ৰ লোকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ শুনানি গ্ৰহণ কৰিছিল ৷

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাত ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰাই এই নীতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল ৷ ইয়াৰোপৰি বিনামূলীয়া নামভৰ্তি সন্দৰ্ভত প্ৰাথমিক শিক্ষা বিভাগে ৱেবছাইট, সংবাদমাধ্যমযোগে ১৪ মাৰ্চৰ পূৰ্বেই জাননী প্ৰকাশ কৰিবলৈ নিৰ্দেশনা দিছিল। তদুপৰি বিদ্যালয়সমূহেও ১৫ মাৰ্চ অথবা তাৰ পূৰ্বে জাননী প্ৰকাশ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছিল ৷

কিন্তু 14 মাৰ্চৰ সময়সীমা উকলি যোৱাৰ পিচতো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰা হ'ল নাই সেয়া এতিয়াও সঠিকভাৱে পোহৰলৈ অহা নাই ৷ কিন্তু ইয়াৰ মাজতে টীয়কৰ জ্ঞানমাৰ্গ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান অব্যাহত ৰখাৰ লগতে বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাচত ছাত্ৰ-ছাত্ৰীক খোল বাদন, ঢোল বাদন, যোগৰ প্ৰশিক্ষণ আদিও বিনামূলীয়াকৈ প্ৰদান কৰে ৷ বিদ্যালয়ৰ এই পদক্ষেপে এতিয়া সৰ্বত্তে চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক: Naga aggression : গোপনে নগাক অৰ্পণ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.