যোৰহাট, 20 জুলাই : ক্ৰমাৎ অপাৰধৰ ৰম্যভূমিলৈ পৰিণত হৈছে যোৰহাট চহৰ ৷ এইবাৰ যোৰহাট জিলাত ধন আত্মসাতৰ নতুন কৌশল প্ৰৱঞ্চকৰ ৷ যোৰহাটবাসী সাৱধান হওঁক ৷ যিকোনো সময়ত ভুৱা QR Code সম্বলিত মেচিন লগাই প্ৰৱঞ্চকে খালী কৰিব পাৰে আপোনাৰ একাউণ্ট ৷
ইতিমধ্যে বৃহস্পতিবাৰে ভুৱা QR Code ৰ মেচিন লগাই ধন আত্মসাৎ কৰাৰ গোচৰত যোৰহাট আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ চক্ৰৰ এজন সদস্যক আটক কৰে ৷ আটক কৰা প্ৰৱঞ্চকটো হৈছে গুৱাহাটীৰ হাতীগাঁও জাছিমুদ্দিন আহমেদ (32)। উক্ত প্ৰৱঞ্চকটোৰ লগতে ভুৱা জিঅ' চিম প্ৰস্তুত কৰি বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি অহা আন দুজন ব্যক্তিকো যোৰহাট আৰক্ষীয়ে আটক কৰে ৷ ধৃত লোক দুজন ক্ৰমে হ'ল -পাৰ্থ প্ৰতিম বৰা (25 ) আৰু প্ৰিন্স ফুকন (25 ) ৷
এই চক্ৰটোৰ বিৰুদ্ধে ৰাজ্য বিভিন্ন জিলা বৰপেটা,গুৱাহাটী,গোলাঘাটকে ধৰি বিভিন্ন থানাত এনেধৰণৰ কেইবাটাও গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু হোৱাৰ এদিনৰ ভিতৰতে এই ম'ষ্ট ৱাণ্টেড চক্ৰটোৰ এজন সদস্যক আটক কৰিবলৈ সক্ষম হোৱাৰ পিচতে ভুৱা QR Code লগাই ধন আত্মসাতৰ দৰে দুষ্কাৰ্য সংঘটিত কৰি অহা এই চক্ৰটোৰ বাকী সদস্যসকলৰ সন্ধানত যোৰহাট আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, যোৱা 18 জুলাইত যোৰহাট জিলাৰ পুলিবৰ আৰু মৰিয়নী থানাত এই সন্দৰ্ভত এই প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই চক্ৰটোৱে বিভিন্ন সময়ত বিভিন্ন প্ৰান্তত অতি কৌশলেৰে লক্ষাধিক টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পিচৰে পৰাই যোৰহাট আৰক্ষীয়ে চক্ৰটোৰ সন্ধানত অভিযান চলাবলৈ আৰম্ভ কৰিছিল ৷
লগতে পঢ়ক: THIEF INCIDENT: IB ৰ মুৰব্বী তপন কুমাৰ ডেকাৰ বাসগৃহত চোৰৰ চাফাই অভিযান