ETV Bharat / state

Minister Ajanta Neog in Jorhat:মৰিয়নি-গড়আলি সংযোগী উৰণ-সেতুৰ শিলান্যাস

যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে শিলান্যাস কৰিলে যোৰহাট -মৰিয়নি- চিনামৰা সংযোগী ৰে'লৱে উৰণীয়া সেতুৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 8:56 PM IST

Minister Ajanta Neog
মন্ত্ৰী অজন্তা নেওগ
মন্ত্ৰী অজন্তা নেওগ

যোৰহাট, ৪ নবেম্বৰ: যোৰহাট -মৰিয়নি- চিনামৰা সংযোগী ৰে'লৱে উৰণীয়া সেতুৰ শনিবাৰে শিলান্যাস কৰিলে মন্ত্ৰী অজন্তা নেওগে । মৰিয়নি আৰু গড় আলি(চিনামৰা) সংযোগী উৰণীয়া সেঁতুৰ শিলান্যাস কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে । বিত্ত মন্ত্ৰী অজন্তা নেওগে গড়আলি (চিনমৰা) আৰু মৰিয়নি সংযোগী ৰে'লৱে ক্ৰ'ছিঙৰ ওপৰত শিলান্যাস কৰা উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য় ৫৪৫.৫৫মিটাৰ আৰু প্ৰস্থ ১২.০০মিটাৰ ।

যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে এই সেতুখনৰ নিৰ্মাণৰ বাবে অনুমোদিত ধনৰ পৰিমাণ হ'ল ৬৪.৪৩৯৬ কোটি টকা । ৰে'লৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী নেওগে এই নিৰ্মাণকাৰ্যত সকলো লোককে সহযোগিতা কৰিবলৈ আহ্বান জনায় । উক্ত সেতুখনৰ নিৰ্মাণ ব্যয়ৰ ৫০ শতাংশ ৰাজ্য চৰকাৰ আৰু ৫০ শতাংশ ধন ৰে'লৱে ব্যয় কৰিব বুলি কয় যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে ।

লগতে পঢ়ক:Lok Sabha Election 2024 : সমষ্টি সলনি হ’ব কংগ্ৰেছৰ তিনি সাংসদৰ ! যোৰহাটত খেলিব গৌৰৱে, প্ৰদ্যুৎ বৰদলৈ-খালেকে খেলিব ক’ত ?

যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে এই সেতুখন আঢ়ৈ বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব । এতিয়া ৰে'লৱেৰ লগত অসম চৰকাৰৰ সম্পৰ্ক বহু উন্নত হৈছে । উল্লেখ্য যে যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে উক্ত পথত সৃষ্টি হোৱা যানজঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভৱনা আছে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত নিৰ্মাণ হৈ থকা দ্বিতীয়খন উৰণীয়া সেতু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত নিমাৰ্ণ সম্পূৰ্ণ হৈ উঠিব আৰু ৰাইজৰ বাবে মুকলি হ'ব বুলি কয় যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ।

লগতে পঢ়ক:Lok Sabha Election 2024 : মূল্যবৃদ্ধিৰ বাবে এই মজুৰীৰে নচলা হৈছে চাহ শ্ৰমিকৰ পৰিয়াল, লখিমপুৰ লোকসভা সমষ্টিৰ চাহ বাগিচাত ইটিভি ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.