যোৰহাট, 8 ছেপ্টেম্বৰ: যোৰহাটবাসীৰ বাবে সুখবৰ ৷ ন ৰূপত উদ্ভাসিত হৈ উঠিব যোৰহাট নগৰৰ মাজমজিয়াৰ গান্ধী পার্ক আৰু নেহেৰু পার্ক। যোৰহাট নগৰৰ মাজমজিয়াতস্থিত গান্ধী পার্কখন দ হৈ যোৱাৰ ফলত বৰষুণৰ বতৰত পানী জমা হোৱাৰ বাবে শিশুৰ খেলাৰ অনুপযোগী হৈ উঠে ৷ ইয়াৰোপৰি পাৰ্কখনত শিশুৰ বাবে প্ৰয়োজনীয় খেলা সামগ্ৰীৰ অভাৱ ঘটাৰ বাবে ইয়াক এক ন ৰূপত সজাই পৰাই তোলাৰ বাবে যোৰহাট পৌৰসভাই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷
ইয়াৰ সমান্তৰালকৈ বিগত প্ৰায় এটা দশক ধৰি বন্ধ হৈ আছে যোৰহাট নগৰৰ মাজমজিয়াতস্থিত নেহৰু পার্ক ৷ ফলত পাৰ্কখনক পুনৰ জীৱিত কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট পৌৰসভাই। আগন্তুক এবছৰৰ ভিতৰত এই দুইখন পার্কক ন ৰূপত প্ৰস্তুত কৰি শিশুৰ উপযোগী কৈ নিৰ্মান কৰি তোলাৰ উদ্দেশ্যে শুকুৰবাৰে যোৰহাট পৌৰসভাৰ উদ্যোগত দুয়োখন পার্কৰ শিলান্যাস অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
যোৰহাটৰ গান্ধী পার্কত আয়োজন কৰা এই অনুষ্ঠানত দুয়োখন পার্কৰ শিলান্যাস কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। পাৰ্ক দুখনৰ নাম ফলক মুকলি কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে, যোৰহাটৰ গান্ধী পার্ক আৰু নেহৰু পার্ক পুনৰ নিৰ্মাণৰ সিদ্ধান্ত বহু বছৰ পূৰ্বেই গ্ৰহণ কৰা হৈছিল। কিন্তু কিছু অসুবিধাৰ বাবে হৈ উঠা নাছিল। এই দুখন পার্ক যোৰহাটৰ গুৰুত্বপূৰ্ণ সম্পদ। পাৰ্ক দুখনক শিশুৰ খেলাৰ উপযোগী কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে। এই দুইখন পার্ক সম্পূৰ্ণ হৈ উঠাৰ ফলত যোৰহাটৰ শিশুসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ব।
যোৰহাটৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে সময়ে সময়ে পুঁজি আৱণ্টন দি আহিছে। ৰাইজে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰামৰ্শ দিয়া উচিত বুলি বিধায়কগৰাকীয়ে সদৰী কৰে ।
এই অনুষ্ঠানত যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়া, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে, অসম চৰকাৰৰ গৃহ ও নগৰ পৰিকল্পনা বিভাগৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত এই দুখন পাৰ্কৰ পুনৰ নিৰ্মাণ কৰা হ’ব ৷ সেই অনুসৰি যোৰহাটৰ গান্ধী পার্কৰ বাবে 2 কোটি 25 লাখ 56 হাজাৰ আৰু নেহেৰু পার্কৰ বাবে 3 কোটি 26 লাখ টকা ধার্য কৰা হৈছে ৷
লগতে পঢ়ক: Bajali extortion case: বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইৰ পৰা উদ্ধাৰ ৬৪ লক্ষাধিক টকা