মৰিয়নী, 25 মাৰ্চ : আজি মৰিয়নিত স্থাপন কৰা হয় 14 টাকৈ পথৰ আধাৰশিলা ৷ মৰিয়নী সমষ্টিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে একেদিনাই ৩২ কোটি টকা ব্যয় সাপেক্ষে ১৪ টা পথৰ আধাৰশিলা স্থাপন কৰা হয় বুলি উল্লেখ কৰে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । মুঠ ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ বাবে আধাৰশিলা স্থাপন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Foundation stone for road construction at Mariani)।
আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পাছত মৰিয়নি সমষ্টিৰ ইতিহাসত একেদিনাই পোন প্ৰথমবাৰৰ বাবে উন্নয়নৰ বাবদ ৩২ কোটি টকাৰ অনুদান লাভ কৰা বুলি উল্লেখ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । অসম বিধানসভাৰ ১০১ নং মৰিয়নী সমষ্টিৰ ১৪ টা পথৰ পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী পকী পথ আচঁনিৰ অন্তৰ্গত এই ধনৰ আবণ্টন লাভ কৰিছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে । মৰিয়নী সমষ্টিৰ বিভিন্ন গাওঁ আৰু চাহ বাগিচাক মূল পথৰ সৈতে সংলগ্ন কৰাৰ বাবে ৩২ কোটি টকা ব্যয় সাপেক্ষে মুঠ ৩৫ কিলোমিটাৰ পথৰ পকীকৰণ কৰা হ’ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে (Foundation stone laid for 14 important roads at Mariani) ।
লগতে সমষ্টিটোৰ উন্নয়নৰ বাবে বিপুল পৰিমাণ পুঁজি আৱন্টন লাভ কৰাৰ পিছত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমষ্টিবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে বিগত সময়ছোৱাত মৰিয়নি সমষ্টিত উন্নয়নৰ নামত বিধায়কগৰাকীয়ে কোনো কাম নকৰাৰ যি বদনাম আছিল, আজি স্থাপন কৰা আধাৰশিলা কাৰ্যই সেই বদনামৰ পৰা বিধায়কগৰাকীক কিঞ্চিত পৰিমাণে হ'লেও সকাহ প্ৰদান কৰিব বুলি একাংশ ই মত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : Free textbook distribution : কলিয়াবৰত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ
কংগ্ৰেছৰ পৰা গৈ গেৰুৱা বসন পিন্ধা পিছত ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথমবাৰৰ বাবে বিপুল পৰিমাণৰ পুঁজি লাভ কৰি একপ্ৰকাৰ উৎফুল্লিত হৈ পৰাৰ দেখা গৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে এতিয়াও মৰিয়নি সমষ্টিবাসী ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি অব্যাহত থকাৰ সময়ত আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰিব বিচৰা বিধায়কগৰাকীক সমষ্টিবাসী ৰাইজে বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷