যোৰহাট, ১৯ ফেব্ৰুৱাৰী: যোৰহাটত দুমাহৰ ভিতৰতে দুটাকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত নগৰখনৰ ভৱিষ্যত সুৰক্ষাক লৈ সকলো চিন্তিত হৈছে । এই লৈ চৰ্চা হৈ থকাৰ মাজতে নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ভৱনসমূহত সকলো পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে (Formation of Task Force in Jorhat)। অহা ৩০ মাৰ্চৰ ভিতৰত এই সন্দৰ্ভত দাখিল কৰিব প্ৰতিবেদন । যোৰহাটৰ স্বাভিমানৰ প্ৰতীক ঐতিহাসিক চ'ক বজাৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পিছতেই নগৰখনৰ ভৱিষ্যৎ সুৰক্ষাক লৈ বহু প্ৰশ্ন অৱতাৰণা কৰিছে ।
আনহাতে, প্ৰায় দুমাহ পূৰ্বে নগৰখনৰ মাৰোৱাৰী পট্টিত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল (Fire in Jorhat) ।এই জুই নিৰ্বাপিত কৰিবলৈ প্ৰায় চাৰি দিন সময়ৰ প্ৰয়োজন হৈছিল । এই দুই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত বহুতো ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে । অনাগত সময়ত যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত পুলক মহন্তই শনিবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে (District Disaster Management Authority of Jorhat) । এই নিৰ্দেশ অনুসৰি যোৰহাট জিলাত এটা আন্তঃবিভাগীয় টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে (Interdisciplinary Task Force in Jorhat) ৷
দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আইন, ২০০৫ ৰ অধীনত জাৰি কৰা নিৰ্দেশ অনুসৰি যোৰহাট দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ন'ডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত গঠিত এই টাস্ক ফ'ৰ্চে যোৰহাট নগৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ,বজাৰ, শ্ব'পিং মল, কমপ্লেক্স, আৱাসীক আট্টালিকা, নাৰ্ছিং হোম আদিত অগ্নি/বিদ্যুতৰ উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ লগতে গৃহ নিৰ্মাণৰ সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাসমূহ সঠিকভাৱে পালন কৰিছে নে নাই সেয়া নিৰীক্ষণ কৰিব । এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থাৰো গ্ৰহণ কৰিব ৷ ন'ডেল বিষয়াগৰাকীৰ সৈতে এই টাস্ক ফ'ৰ্চৰ ১৯ জনীয়া দলটোৱে সকলো নিৰীক্ষণ কৰি অহা ৩০ মাৰ্চৰ ভিতৰত জিলা উপায়ুক্তক তথ্য আৰু পৰামৰ্শসহ যাৱতীয় প্ৰতিবেদন দাখিল কৰিব ।
উল্লেখ্য় যে, যোৱা 16 ফেব্ৰুৱাৰীৰ নিশা প্ৰায় 9:30 বজাত যোৰহাটৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক চ’ক বজাৰত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰৰ নিশা সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটোত জাহ গৈছে ঐতিহাসিক চ’ক বজাৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ব্যৱসায়ীসকলে ৷ এই অগ্নিকাণ্ডৰ ফলত বহু কোটি টকাৰ সা-সম্পত্তি ভস্মীভৃত হয় ৷
লগতে পঢ়ক:Crimes against humanity: ইউক্ৰেইনৰ ওপৰত অমানৱীয় আক্ৰমণৰ বাবে ৰাছিয়াক সমালোচনা মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ