ETV Bharat / state

সাংবাদিকৰ মাজত সাহাৰ্য বিতৰণ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষৰ - food distribution at jorahat teoak

বুধবাৰে যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষই টীয়ক-মৰিয়নী সাংবাদিকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী । কৰ'ণা আতংকৰ সময়তো সাংবাদিকসকলে নিজৰ কৰ্ম সতৰ্কতাৰে কৰাৰ বাবেই সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে অধ্যক্ষ গৰাকীয়ে ।

টীয়ক
টীয়কত সাংবাদিকৰ মাজত সাহাৰ্য প্ৰদান উন্নয়ন পৰিষদৰ অধ্যক্ষৰ
author img

By

Published : Jun 3, 2020, 12:05 PM IST

টীয়ক, ৩ জুনঃ যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ তৰুণ ৰাজোৱাই টীয়কৰ কলিয়াপানী ব্লক বিজেপিৰ কাৰ্যালয়ত বুধবাৰে টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসকলৰ মাজত বিতৰণ কৰে কিছু খাদ্য সামগ্ৰী ।

টীয়ক
টীয়কত সাংবাদিকৰ মাজত সাহাৰ্য প্ৰদান উন্নয়ন পৰিষদৰ অধ্যক্ষৰ

মহামাৰী কৰ'ণা আতংকৰ সময়ত সাংবাদিকসকলে নিজৰ জীৱন তথা পৰিয়ালৰ কথা নাভাবি জৰুৰীকালীন অৱস্থাটো বাতৰি সংগ্ৰহ কৰি সাধাৰণ জনতাক সজাগ কৰি তথ্য অৱগত কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰি আহিছে তাৰ প্ৰতি সহাৰি জনাই সাধ্য অনুসৰি চাউল, ডাইল, আলু, পিয়াজ, নিমখ, বিস্কুট আদিৰ টোপোলা বিতৰণ কৰে । তাৰোপৰি সাংবাদিকসকলক আৰু অধিক সতৰ্কতাৰে নিজৰ গুৰু দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় অধ্যক্ষগৰাকীয়ে ।

উল্লেখ্য যে, অধ্যক্ষগৰাকীয়ে ইয়াৰ পূৰ্বেও মৰিয়নী প্ৰেছ ক্লাৱৰ সদস্য সকলৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰি সাংবাদিকসকলৰ প্ৰতি কিছু সহায়ৰ হাত আগবঢ়াইছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.