ETV Bharat / state

এফ.এছ.এছ.এ.আইৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত যোৰহাট - এফ.এছ.এছ.এ.আইৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত যোৰহাট

যোৰহাটবাসীৰ বাবে এটা সু-খবৰ। ফুড চেফ্টি এণ্ড ষ্টেণ্ডাৰ্ডছ অথ’ৰিটী অৱ ইণ্ডিয়া (এফএছএছএআই)ৰ অধীনত আয়োজিত প্ৰতিযোগিতালৈ ভাৰতবৰ্ষৰ ১৫০ খন জিলাৰ ভিতৰত মনোনিত হ’ল যোৰহাট জিলা ।

এফ.এছ.এছ.এ.আইৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত যোৰহাট

author img

By

Published : Feb 9, 2021, 9:29 PM IST

যোৰহাট, ৯ ফেব্ৰুৱাৰী: মানুহৰ সুস্থ শৰীৰৰ বাবে সুস্থ আহাৰৰ অতি প্ৰয়োজন । এই উদ্দেশ্য় আগত ৰাখিয়ে ভাৰতবৰ্ষৰ প্ৰায় ১৫০ খন জিলাৰ মাজত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ মূল উদ্দেশ্য়ে পৰিস্কাৰ আৰু পুষ্টিকৰ খাদ্য খোৱাৰ বাবে জিলাবাসীক নিয়োজিত, আগ্ৰহী আৰু সজাগ কৰি তোলা । সমগ্ৰ ভাৰতবৰ্ষৰ অন্যান্য জিলা সমূহৰ ভিতৰত অসমৰ দুখন জিলা ক্ৰমে যোৰহাট আৰু তেজপুৰক নিৰ্বাচিত কৰা হৈছে । ফুড চেফ্টি এণ্ড ষ্টেণ্ডাৰ্ডছ অথ’ৰিটী অৱ ইণ্ডিয়া (এফএছএছএআই)ৰ অধীনত আয়োজিত এই প্ৰতিযোগিতাত নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইতিমধ্য়ে যোৰহাট জিলা প্ৰশাসনে তৎপৰতা আৰম্ভ কৰিছে । যোৰহাট জিলা প্ৰশাসনে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি সুষম খাদ্যৰ ক্ষেত্ৰত বিভিন্ন সজাগতা অভিযান আৰম্ভ কৰিছে ।

এফ.এছ.এছ.এ.আইৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত যোৰহাট
এফ.এছ.এছ.এ.আইৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত যোৰহাট

মঙলবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰি জিলাৰ উপায়ুক্ত ৰোশনী অপৰঞ্জী কৰাতিয়ে কয় যে, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানৱ প্ৰাধিকৰণে ভাৰতীয় জনতাৰ বাবে আৰম্ভ কৰা এই সজাগতা অভিযানৰ বাবে যোৰহাট জিলাৰ বাবে মূলতঃ তিনিটা উদ্দেশ্য় হাতত লৈছে । এই কেইটা হৈছে সুষম আহাৰ গ্ৰহণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, বেকাৰী জাতীয় খাদ্যৰ ওপৰত অনুসন্ধান চলাই ইয়াৰ মান নিৰূপণ কৰা আৰু যি বিলাক আচাৰ, জাম, জেলি বনোৱা ক্ষুদ্ৰ উদ্যোগ তথা ব্যৱসায়ী আছে যি সকলে উন্নত মানৰ সামগ্ৰী তৈয়াৰ কৰে তেওঁলোকক অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰা ।

লগতে পঢ়ক:গোলাঘাটত দিন দুপৰতে অধিবক্তাৰ বাইক লৈ উধাও চুৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.