ETV Bharat / state

যোৰহাটত মীন পালনৰ প্ৰশিক্ষণ কৰ্মশালা - যোৰহাট জিলা প্ৰশাসন

যোৰহাট জিলা প্ৰশাসন আৰু মীন বিভাগৰ যৌথ উদ্যোগত শুকুৰবাৰে বাঘচোং উন্নয়ন খণ্ডৰ অধীনৰ ৰৰৈয়াৰ নলতলী মীন ফাৰ্মত মীন পালন সন্দৰ্ভত অনুষ্ঠিত হৈ যায় এদিনীয়া প্ৰশিক্ষণ কৰ্মশালা(Fisheries Training Workshop in Jorhat) ৷

Fisheries Training Workshop in Jorhat
যোৰহাটত মীন পালনৰ প্ৰশিক্ষণ কৰ্মশালা
author img

By

Published : Jun 10, 2022, 10:37 PM IST

যোৰহাট, 10 জুন : যোৰহাট জিলা প্ৰশাসন(Jorhat District Administration) আৰু মীন বিভাগৰ যৌথ উদ্যোগত ৬ ৰ পৰা ৮ জুনলৈ অনুষ্ঠিত হৈ যায় মীন পালনৰ প্ৰশিক্ষণ কৰ্মশালা ৷ ক্ৰমান্বয়ে ৰৰৈয়া নলতলী মীন পাম, তিতাবৰ মহকুমা কাৰ্যালয়ৰ সভাগৃহ আৰু ঢেকৰগড়া উন্নয়ন খণ্ডৰ চাৰিঙ্গীয়া গাঁৱৰ ৰেপ্লিকা থিয়েটাৰত মীন পালন সন্দৰ্ভত কৰ্মশালা অনুষ্ঠিত হৈ যায়(Fisheries Training Workshop in Jorhat) ৷

উক্ত কৰ্মশালাসমূহ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল আৰু মীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত বহুসংখ্যক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰা বুলি জিলা মীন বিষয়া খনিন্দ্ৰ ভূঞাই জানিবলৈ দিছে ৷ বহুকেইজন মীন বিশেষজ্ঞই সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি নিৱনুৱাসকলক উৎসাহিত কৰাৰ লগতে আগলৈ মীন পালন কৰিব বিচৰা ইচ্ছুকসকলক বিভাগৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

Fisheries Training Workshop in Jorhat
যোৰহাটত মীন পালনৰ প্ৰশিক্ষণ কৰ্মশালা

বৈজ্ঞানিক পদ্ধতিৰে মীন পালন, সমন্বিত মীন পালন পদ্ধতি, ভাৰতীয়/বিদেশী কাৰ্প মাছৰ প্ৰজনন, পোনা উৎপাদনৰ দৰে বিষয়ৰ উপৰিও মাছৰ ৰোগ নিয়ন্ত্ৰণৰ সজাগতা আদি উক্ত কৰ্মশালাৰ বিষয় হিচাপে লোৱা হৈছিল । এই ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰ মীন পালনৰ প্ৰশিক্ষণ লাভ কৰি নিৱনুৱা যুৱক-যুৱতীসকলকে উৎপাদনৰ পথ বাচি লৈ কিছু পৰিমাণে হ'লেও স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব বুলি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আশা প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে, ঘৰৰ পৰাই ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পৰাকৈ নিৱনুৱাসকলক উৎসাহ যোগোৱাৰ অৰ্থে উপায়ুক্তগৰাকীয়ে আৰম্ভণিৰে পৰাই হাঁহ, কুকুৰা, ছাগলী, গাহৰি, মাছ আদি পালনৰ প্ৰতি নিৱনুৱাসকলক আগ্ৰহী কৰিবলৈ জিলাখনৰ বিভিন্ন ঠাইত এনেধৰণৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক : মিনি দিছপুৰত পৰিণত ঊষাৰ নগৰী: শনিবাৰে কেবিনেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.