তিতাবৰ,6 ছেপ্টেম্বৰ: ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত যোৰহাট জিলাৰ তিতাবৰত আৰম্ভ হৈছে অভিলাষী সূতা বেংক প্ৰকল্প ৷ ৰাজ্যৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে স্থাপন হোৱা এই সূতা বেংকটোৰ জড়িয়তে এতিয়াৰে পৰা উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ শিপিনী ৷ সোমবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শুভ উদ্বোধন কৰে এই অভিলাষী সূতা বেংক প্ৰকল্প ৷ তিতাবৰৰ ধলিস্থিত ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যালয়ত অনুস্থিত হয় এই উদ্বোধনী অনুষ্ঠান ৷
উদ্বোধনী অনুষ্ঠানটোত শিক্ষামন্ত্ৰী গৰাকীৰ ওপৰিও স্থানীয় বিধায়ক ভাষ্কৰ বৰুৱা, পৰিষদৰ মূখ্য কাৰ্য্যবাহী কুমুদ কছাৰী আৰু আন পাৰিষদবৰ্গও উপস্থিত থাকে ৷ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সূতা বেংক আৰু ইয়াৰ পৰিচালন প্ৰক্ৰিয়া প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰে ৷ উল্লেখযোগ্য যে, সূতা বেংকৰ জড়িয়তে পৰিষদে ৰাজ্যৰ শিপিনীসকলক একাউন্টৰ দ্বাৰা সূতা যোগানৰ এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে ৷
শিপিনীসকলে বেংকৰ পৰা লাভ কৰা সূতাৰে উৎপাদন কৰা বস্ত্ৰৰ দুই শতাংশ বস্ত্ৰ পুনৰ সূতা বেংকত জমা কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ইফালে সূতা বেংকৰ খাতাধাৰী শিপিনীয়ে উৎপাদন কৰা বস্ত্ৰৰ বিপননো পৰিষদেই কৰি দিয়াৰ দ্বায়িত্ব গ্ৰহণ কৰিছে ৷
উল্লেখ্য যে, সোমবাৰে সূতা বেংকৰ শুভ উদ্বোধন কৰি মন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে ইতিমধ্যেই ভৱিষ্যতৰ দিনত চৰকাৰী সভা সমিতিত থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা ব্যৱহাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে৷ ইফালে ঠেঙাল কছাৰী স্বায়ত্বশাসিত শাসিত পৰিষদৰ নিৰ্বাচন সময়মতেই অনুস্থিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি সদৰী কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৷
লগতে পঢ়কঃ বজালীত 20 টা প্ৰকল্পৰ বাবে 290 বিঘা ভূমি আবন্টন: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস