ETV Bharat / state

তিতাবৰৰ প্ৰথমগৰাকী কৰ’ণা আক্রান্তৰ মৃত্যু

তিতাবৰৰ প্ৰথমগৰাকী Covid 19 ত আক্ৰান্তই মঙলবাৰে পুৱতি নিশা মৃত্য়ুক আঁকোৱালি লয় ৷ তিতাবৰৰ বৰএৰা ভোগপুৰ সত্ৰৰ সমীপৰ তালেব উদ্দিন আহমেদ নামৰ লোকজনে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ কিছুদিনপূৰ্বে ব্য়ক্তিগৰাকী হৃদৰোগৰ চিকিৎসাৰ বাবে ভৰ্তি হৈছিল মহানগৰী গুৱাহাটীৰ এক চিকিৎসালয়ত ৷

author img

By

Published : Jul 14, 2020, 12:02 PM IST

first covid 19 patient death in titabar jorhat assam Etv bharat news
কৰ’ণা আক্রান্তৰ মৃত্যু

তিতাবৰ,14 জুলাই: ৰাজ্য়ত ইতিমধ্যে ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত প্ৰায় 1001 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ লগতে মৃত্য়ুৰ সংখ্যাই ম্পৰ্শ কৰে 40 ৰ ঘৰ ৷

কৰ’ণা আক্রান্তৰ মৃত্যু

যোৰহাট জিলাৰ তিতাবৰত প্ৰথমগৰাকী Covid-19 ত আক্ৰান্তই মঙলবাৰে পুৱতি নিশা মৃত্য়ুক আঁকোৱালি লয় ৷ তথ্য অনুসৰি, তিতাবৰৰ বৰএৰা ভোগপুৰ সত্ৰৰ সমীপৰ তালেব উদ্দিন আহমেদ নামৰ লোকজনে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ কিছুদিনপূৰ্বে ব্য়ক্তিগৰাকী হৃদৰোগৰ চিকিৎসাৰ বাবে ভৰ্তি হৈছিল গুৱাহাটী মহানগৰীৰ এক চিকিৎসালয়ত ৷ ব্যক্তিগৰাকীয়ে চিকিৎসাৰ অন্তত গুৱাহাটীৰ পৰা গৃহাভিমুখে অহাৰ পিছতে হৈ পৰিছিল অসুস্থ ৷ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তালেব উদ্দিনক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ অৱশেষত ব্যক্তিগৰাকীয়ে কৰা স্বাৱৰ পৰীক্ষাত এই ভাইৰাছবিধৰ উপস্থিতিৰ কথা ধৰা পৰে ৷ মঙলবাৰে তালেব উদ্দিনে চিকিৎসালয়তে মৃত্য়ুক সাৱটি লয় ৷

লগতে চাওকঃ ৰাজ্যৰ পুনৰ 1001 গৰাকী আক্ৰান্ত কোভিড-19 ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.