ETV Bharat / state

টীয়কত আৰক্ষীয়ে জব্দ কৰা ট্ৰাকত লাগিল জুই

টীয়ক আৰক্ষী থানাৰ সন্মুখত জব্দ কৰি ৰখাই থোৱা অবৈধ কয়লা ভৰ্তি ট্ৰাকত লাগিল জুই ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি অভাৱনীয় পৰিস্থিতি ৷

fire-catch-in-coal-truck at teok
টীয়কত আৰক্ষীয়ে জব্দ কৰা ট্ৰাকত লাগিল জুই
author img

By

Published : Apr 3, 2021, 6:12 PM IST

টীয়ক, 3 এপ্ৰিল : টীয়ক আৰক্ষী থানাৰ সন্মুখত শনিবাৰে হঠাৎ সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ ৷ টীয়ক আৰক্ষী থানাৰ সন্মুখত জব্দ কৰি ৰখাই থোৱা অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা ওলোৱা ধোঁৱাই ভীতিগ্ৰস্ত কৰি তোলে টীয়ক নগৰবাসীক ৷ পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

fire-catch-in-coal-truck at teok
টীয়কত আৰক্ষীয়ে জব্দ কৰা ট্ৰাকত লাগিল জুই

উল্লেখ্য যে, টীয়ক আৰক্ষীয়ে নিয়মীয়া তালাচীত কিছু দিন পূৰ্বে অবৈধ কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰি থানাৰ সন্মুখতে ৰাখি থৈছিল । শনিবাৰে দুপৰীয়াৰ ভাগত উক্ত ট্ৰাকখনত জুই লগাত স্থানীয় ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়েও তাৎক্ষণিক ভাৱে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে আহি জুই নিৰ্বাপন কৰাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী ৷

লগতে পঢ়ক: 24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.