ETV Bharat / state

2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে

সোমবাৰে তিতাবৰ মহকুমা প্ৰশাসনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত 100 নং তিতাবৰ আৰু 101 নং মৰিয়নী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই ৷ তিতাবৰ মহকুমাধিপতি খনিন্দ্ৰ কুমাৰ দাস, তিতাবৰ জিলা নিৰ্বাচনী বিষয়া ড৹ মণিকা বৰা আৰু দণ্ডাধীশ মিতালি লাহনে মুকলি কৰিলে চূড়ান্ত ভোটাৰ তালিকা ৷

author img

By

Published : Jan 18, 2021, 4:08 PM IST

final-voter-list-for-2021-published-by-titabor-subdivision-administration
2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে

যোৰহাট, 18জানুৱাৰী : সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই সোমবাৰে 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰকাশ কৰিলে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই ৷ তিতাবৰ মহকুমা প্ৰশাসনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত 100 নং তিতাবৰ আৰু 101 নং মৰিয়নী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই ৷

তিতাবৰৰ মহকুমাধিপতি খনিন্দ্ৰ কুমাৰ দাস, তিতাবৰ জিলা নিৰ্বাচনী বিষয়া ড৹ মণিকা বৰা আৰু দণ্ডাধীশ মিতালি লাহনে মুকলি কৰা চূড়ান্ত ভোটাৰ তালিকাখনত তিতাবৰ সমষ্টিত 181 টা ভোট কেন্দ্ৰত 1,54,540 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইয়াৰে 77,179 গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ'ল 77,361 গৰাকী । উল্লেখ্য যে,তিতাবৰ সমষ্টিত এইবাৰ 3263 গৰাকী ভোটাৰ বৃদ্ধি পাইছে ৷

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নি সমষ্টিত 142 টা ভোটকেন্দ্ৰত মুঠ 1,22,128 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ সমষ্টিটোত 60,715 গৰাকী পুৰুষৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 61,413 গৰাকী ৷ প্ৰকাশিত তথ্য অনুসৰি এইবাৰ মৰিয়নি সমষ্টিত 3006 গৰাকী ভোটাৰ বৃদ্ধি পাইছে । তিতাবৰত 549 আৰু 388 গৰাকী চাৰ্ভিছ ভোটাৰে ভোটদান কৰিব বুলি জনাইছে তিতাবৰ মহকুমা প্ৰশাসনে ৷

লগতে পঢ়কঃ বিহু শেষ হোৱা নাই নগাঁৱৰ একাংশ চৰকাৰী কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.