মাজুলী,6 মাৰ্চ: ৰাইজৰ সুবিধাৰ্থে মাজুলী-নিমাতী সংযোগ কৰিবৰ বাবে মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ আৰম্ভ হৈছিল ৰ'পেক্স ফেৰী সেৱা ৷ কিন্তু এই সেৱাৰ বাবেই এতিয়া সমস্যাৰ সন্মুখীন হৈছে যাত্ৰীসকল ৷ অভিযোগ অনুসৰি ৰ'পেক্স ফেৰী চলোৱাৰ নামত যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰা হয় ৷ আইনী নিষেধাজ্ঞা থকা স্বত্বেও অত্যধিক ভাড়া বৃদ্ধিৰে যাত্ৰীৰ ওপৰত মাধমাৰ শোধাইছে বিভাগীয় কৰ্তৃপক্ষই ।
অকল যাত্ৰীয়েই নহয় বাহন, সামগ্ৰী অনা-নিয়াৰ ক্ষেত্ৰতো এশ শতাংশ ভাড়া বৃদ্ধিৰ নজিৰবিহীন ঘটনা সৃষ্টি হৈছে মাজুলীত ৷ ইয়াকৈ লৈ সৰৱ হৈ পৰিছে যাত্ৰীসকলৰ লগতে সচেতন ৰাইজ ৷ শীঘ্ৰে এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যাত্ৰীসকলে ৷
লগতে পঢ়কঃ বিহপুৰীয়াত অগপ প্ৰাৰ্থিত্বৰ দাবী