যোৰহাট, ১৪ অক্টোবৰ : যোৰহাটত সাংবাদিকক প্ৰহাৰ বিৰ্তকিত ব্যৱসায়ীৰ (businessman thrashes journalist in Jorhat) । যোৰহাট সদৰ থানাত গোচৰ ভুক্তভোগী সংবাদকৰ্মীৰ । মহিলা সাংবাদিক প্ৰিয়ংকা সেনাপতিক গঁতিয়াই হাত পৰ্যন্ত ভাঙি পেলায় ।
আজি যোৰহাটত বাতৰি সংগ্ৰহ কৰিবলৈ অহা দুজন ফটো সাংবাদিক আৰু এগৰাকী মহিলা সাংবাদিকক বিৰ্তকিত ফটকা ব্যৱসায়ীয়ে অশ্লীল আচৰণ কৰি মোবাইল পৰ্যন্ত কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে (Journalist attacked in Jorhat) । এই সন্দৰ্ভত ক্ষুব্ধ সাংবাদিকসকলে থানাত গোচৰ ৰুজু কৰিছে ।
উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে অংকুৰ গুপ্তা (controversial businessman Ankur Gupta of Jorhat) নামৰ এজন ব্যৱসায়ীক আটক কৰিছে । তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া দুজন ফটো সাংবাদিক ক্ৰমে সৌৰভ চক্ৰৱৰ্তী আৰু প্ৰাঞ্জল দাসে ভিডিঅ' সংগ্ৰহ কৰিবৰ বাবে যোৰহাটৰ কচুৰী গলিত উপনীত হয় । প্ৰাপ্ত তথ্য অনুসৰি, বিৰ্তিকত ব্যৱসায়ী অংকুৰ গুপ্তাই নিজৰ কাপোৰৰ দোকানত প্ৰশাসনৰ অনুমতি অবিহনে আতচবাজী বিক্ৰী কৰি আছিল ।
দুজন ভিডিঅ' সাংবাদিকে অংকুৰ গুপ্তাৰ দোকানত অবৈধভাৱে বিক্ৰী কৰা আতচবাজীৰ ভিডিঅ' সংগ্ৰহ কৰে । সেই সময়তে তাত সাংবাদিক প্ৰিয়ংকা সেনাপতিও উপস্থিত হয় । কিন্তু অতি অভদ্ৰ প্ৰকৃতিৰ অংকুৰ গুপ্তাই ভিডিঅ' সাংবাদিক দুজনৰ মোবাইল কাঢ়ি লোৱাৰ লগতে প্ৰিয়ংকা সেনাপতিক গঁতিয়াই হাত পৰ্যন্ত ভাঙি দিয়ে (Female journalist attacked by businessman in Jorhat) ।
বৃহস্পতিবাৰে নিশাতেই অংকুৰ গুপ্তাৰ বিৰুদ্ধে সাংবাদিকগৰাকীয়ে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে তেওঁক এৰি দিয়ে । ফলত আজি পুনৰ অংকুৰ গুপ্তাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰে । ইফালে সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । আনহাতে, আৰক্ষীয়ে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে বিভিন্ন দল-সংগঠন আৰু সাংবাদিক সমাজে নিজাববীয়া ব্যৱস্থা হাতত লোৱাৰ উপৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক :Protest at Seconi Tea Estate: কলিয়াবৰত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ