ETV Bharat / state

Teok Taekwondo Training Centre: টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰত সম্বৰ্দ্ধনা - Teok Taekwondo Training Centre

টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰত সোমবাৰে এক সম্বৰ্দ্ধনা সভা সম্পন্ন হয়(Teok Taekwondo Training Centre)।উক্ত সভাত বিগত বছৰসমূহত সুখ্যাতি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । লগতে প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ -ছাত্ৰী সকলক বেল্ট প্ৰদান কৰা হয় ।

Felicitation at Teok Taekwondo Training Centre
টীয়ক টাইকোৱাণ্ডো ট্ৰেনিং চেন্টাৰত সম্বৰ্দ্ধনা
author img

By

Published : Aug 2, 2022, 3:53 PM IST

টীয়ক, ২আগষ্ট: ২০১৩ চনতে টীয়কৰ মাজমজিয়াত কেইবাগৰাকীও ক্ৰীড়াপ্ৰেমীৰ সহযোগিতাত প্ৰতিষ্ঠা লাভ কৰা টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰে সোমবাৰে ৯বছৰ অতিক্ৰমিলে(Teok Taekwondo Training Centre)। বহুতো ঘাট-প্ৰতিঘাটৰ মাজেদি যোৱা ৯ বছৰে মুখ্য প্ৰশিক্ষক দিগন্ত গগৈয়ে বৃহত্তৰ টীয়ক অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সমৰকলাৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে । শেহতীয়াকৈ বঙাইগাঁৱত অনুস্থিত সদৌ অসম টাইকোৱাণ্ডো প্ৰতিযোগিতাত টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি ছয়টাকৈ প্ৰদক বুটলিবলৈ সক্ষম হৈছে । লগতে কেইবাগৰাকী খেলুৱৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত পাৰদৰ্শিতাৰে বিগত দিনসমূহত টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

এই উপলক্ষে সোমবাৰে টীয়কৰ এন আৰ বিল্ডিংস্থিত টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰত চেন্টাৰৰ সভাপতি ড°বিৰিঞ্চি বৰাৰ সভাপতিত্বত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় । উক্ত সভাত বিগত বছৰসমূহত সুখ্যাতি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । লগতে প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ -ছাত্ৰী সকলক বেল্ট প্ৰদান কৰা হয় ।

উল্লেখ্য় যে এই সমৰকলা চেন্টাৰৰ পৰা ইতিমধ্যে ১০গৰাকীকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে সমৰ কলাৰ সৰ্বোচ্চ সন্মান ব্লেক বেল্ট লাভ কৰিছে । এইসকল প্ৰশিক্ষাৰ্থীৰ সহযোগত তথা দিগন্ত গগৈৰ নেতৃত্বত একডেমীৰ তত্বাৱধানত বৃহত্তৰ টীয়কত ৭ টাকৈ টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰ চলি আছে । উক্ত সম্বৰ্দ্ধনা সভাত চেন্টাৰৰ কাৰ্যকৰী সভাপতি ডাঃ মহানন্দ নেওগ, টীয়ক প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক প্ৰাঞ্জল বৰুৱা, সহ সম্পাদক সাৰংগপাণি শইকীয়া, ব্যৱসায়ী ৰূপজ্যোতি বৰাৰ লগতে অভিভাৱকসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Judo at CWG: জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.