যোৰহাট, ২ মাৰ্চ : যোৰহাটৰ সোণালী জয়ন্তী নগৰৰ এটা বাসগৃহৰ সন্মুখত পিতা-পুত্ৰৰ প্ৰতিবাদ (Father-son protest in Jorhat) । পিতৃৰ পৰিতোষিক বিচাৰি তেখেতে কৰ্মৰত কোম্পানীৰ স্বত্বাধিকাৰীজনৰ বাসগৃহৰ সন্মুখতে বুধবাৰে প্ৰতিবাদত বহিল পিতৃ-পুত্ৰ । ১৯৯১ চনৰ পৰা ২০২১ চনলৈ কৰ্মত নিয়োজিত কৰাই পাৰিতোষিক নিদিয়াৰ বাবে দিক বিদিক হেৰুৱাই পেলাইছে কৰ্মচাৰী অলিন ভট্টাচাৰ্যই (Fraud of company owners) । কাৰণ বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত অলিন ভট্টাচাৰ্য ।
প্ৰাপ্ত তথ্য অনুসৰি, এছ এন এছ ইলেক্ট এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ (SNS Elect Enterprises company) স্বত্বাধিকাৰী সুশান্ত শৰ্মাই অলিন ভট্টাচাৰ্যক চাইড ইনচাৰ্জ হিচাপে নিযুক্তি দিছিল । বহু বছৰ ধৰি কৰ্মচাৰীগৰাকীয়ে সঠিক ভাৱেই কৰ্ম সম্পাদন কৰাৰ পাচতো সুশান্ত শৰ্মাই কিন্তু তেখেতৰ প্ৰাপ্য পাৰিতোষিক দিয়াৰ পৰা বিৰত থাকে । যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে দুৰ্ভগীয়া অলিন ভট্টাচাৰ্যৰ লগতে তেওঁৰ পৰিয়াল ৷
অভিযোগ অনুসৰি, অলিন ভট্টাচাৰ্য নামৰ কৰ্মচাৰীগৰাকীক তেওঁৰ প্ৰাপ্যৰ নামত ৫ লাখ টকা দিয়াৰ চুক্তি হৈছিল ৷ সেই চুক্তি অনুসৰি অৱশ্যে অলিন ভট্টাচাৰ্যক সুশান্ত শৰ্মাই ১ লাখ টকাৰ নগদ ধন দিয়া উপৰিও বাকী ৪ লাখ টকাৰ চেক প্ৰদান কৰে । কিন্তু সময়ত সেয়াও হৈ নুঠিল । চেকৰ টকা উলিয়াবলৈ গৈ উভতি আহিব লগা হ’ল কৰ্মচাৰীজন ৷ কাৰণ একাউণ্টত টকা নাই ।
লগতে পঢ়ক : Nagaland Assembly polls 2023 : নাগালেণ্ডত পুনৰ ফলিবনে পদুম ?
বুধবাৰে সেই কথা অৱগত কৰিবলৈ সুশান্ত শৰ্মাৰ ঘৰলৈ আহিছিল অলিন ভট্টাচাৰ্য আৰু তেওঁৰ পুত্ৰ ৷ কিন্তু সেই কথা কোৱাৰ লগে লগে খঙত অগ্নিশর্মা হৈ সুশান্ত শৰ্মাই অলিন ভট্টাচাৰ্যক দিয়া চেকখন কাঢ়ি লয় আৰু বহু গালি-গলাজ কৰে ৷ লগতে এটকাও নিদিও বুলি কৈ অলিন ভট্টাচাৰ্যক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে সুশান্ত শৰ্মাই । সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে অলিন ভট্টাচাৰ্য আৰু তেওঁৰ পুত্ৰই ৷
অপমানিত হৈ অলিন ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত সুশান্ত শৰ্মাৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ আনকি কি দৰে ঠগ-প্ৰৱঞ্চনাৰে কোটি টকাৰ দুৰ্নীতিত লিপ্ত হৈছিল সুশান্ত শৰ্মাৰ কোম্পানী, সেই কথাও বৰ্ণনা কৰিলে অলিন ভট্টাচাৰ্যই ৷ অৱশ্যে কোন সঁচা-কোন মিছা সেয়া সময়তহে প্ৰতিপন্ন হ’ব ৷
লগতে পঢ়ক : G20 Foreign Ministers Meet: গোলকীয় শাসন বিফল, বহুপাক্ষিকতা সংকটত: প্ৰধানমন্ত্ৰী মোডী