টীয়ক,24 মে’ : কৰ’ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা আংশিক লকডাউনে অন্যক্ষেত্ৰৰ লেখীয়াকৈ কৃষিক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ দৰিদ্ৰ কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ কিয়নো দোকান-পোহাৰ, বজাৰ বন্ধ হৈ পৰাৰ ফলত বাৰীতে নষ্ট হৈছে উৎপাদিত সামগ্ৰীসমূহ ৷
![farmers poor condition at teok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11874168_fsdzsd.jpg)
ইফালে, গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰাকৈ এচাম যুৱকে কৃষি ঋণ আদি লৈ কৃষিকৰ্মত মনোনিৱেশ কৰিছিল যদিও আংশিক লকডাউনৰ বাবে এতিয়া উৎপাদনস্থলতে নষ্ট হ’বলৈ ধৰিছে কৃষিজাত সামগ্ৰী । প্ৰায় 7 বিঘা মাটিত ব্যৱসায় ভিত্তিত নেমুটেঙা, ভোটজলকীয়াৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হোৱা টীয়কৰ ভোমোৰা মিচিং গাঁৱৰ মুনীল টাই নামৰ কৃষকৰ বাৰীত নেমু টেঙা নষ্ট হোৱাৰ উপক্ৰম হৈছে ।
সেয়েহে ৰাজ্যৰ কৃষি বিভাগক এইসকল কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ কিনা-বেচা কৰা বা শীতলীকৃত গৃহত ৰাখিব পৰা ব্যৱস্থা কৰি কিছু সহায় কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগী কৃষক ৰাইজে ।
লগতে পঢ়ক : তিনিচুকীয়াৰ চিৰাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড