ETV Bharat / state

FPC Convention 2022 : চৰকাৰী ট্ৰেক্টৰ কৃষি কৰ্মৰ পৰিৱৰ্তে ব্যৱহাৰ হয় মাটি খন্দা কামত: মন্ত্ৰী জয়ন্তমল্ল - Autul Bora in Jorhat

শুকুৰবাৰ পৰা যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে কৃষক উৎপাদক সংস্থা অভিৱৰ্তনৰ (Farmer Producer Organisation Orientation Programme held at AAU) ৷ এই অভিৱৰ্তন অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কৃষি মন্ত্ৰী অতুল বৰাই ৷

FPC Convention 2022
অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ কৃষক উৎপাদক সংস্থা অভিবৰ্তন অনুষ্ঠান
author img

By

Published : Oct 21, 2022, 9:27 PM IST

যোৰহাট, 21 অক্টোবৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা কৃষক উৎপাদক সংস্থা (FPC) ৰ অভিৱৰ্তন আৰম্ভ হৈছে (Farmer Producer Organisation Orientation Programme held at AAU)। বিশ্ববিদ্যালয়ৰ ড৹ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত অভিৱৰ্তনখন উদ্বোধন কৰে অসমৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই (Autul Bora in Jorhat) ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত (FPC Convention 2022) অসম চৰকাৰৰ জলসিঞ্চন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ভাৰতীয় কিষাণ সংঘৰ সাংগঠনিক সম্পাদক দীনেশ কুলকাৰ্ণীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

Farmer Producer Organisation Orientation Programme held at AAU
কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা অভিৱৰ্তনৰ আয়োজক সমিতিৰ সভাপতি ড৹ প্ৰসন্ন কুমাৰ পাঠকে আদৰণি ভাষণ আগবঢ়ায় ৷ উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, আয়োজক সমিতিৰ সম্পাদক ড৹ ৰূপম বৰগোহাঁই প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত ‌থাকে ।

লগতে পঢ়ক : Basistha Dev Sarma health is deteriorating : বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন

এই অনুষ্ঠানত ৰাজ্যৰ কৃষক উৎপাদক সংস্থা গঠন আৰু প্ৰচাৰৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত সংযুক্ত বিভাগসমূহৰ লগতে অন্যান্য চৰকাৰী বেচৰকাৰী সংস্থাসমূহৰ ভাল সংখ্যক গুৰুত্বপূৰ্ণ কৰ্মীয়েও অংশগ্ৰহণ কৰে (Orientation Programme for Farmer) । আনহাতে, উক্ত অভিৱৰ্তনত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, আজিৰ সময়ত কৃষি বিভাগে কিছু বিষয়বস্তু কৃষকৰ মাজলৈ লৈ যোৱাত অসমৰ্থ হৈছে ৷ সেয়ে চৰকাৰে দিয়া সুবিধা প্ৰকৃত কৃষক সমাজে যে লাভ কৰিছে, সেয়া আজি তাৰিখত বোধগম্য নহয় ৷

অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ কৃষক উৎপাদক সংস্থা অভিবৰ্তন অনুষ্ঠান

লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘চৰকাৰে প্ৰদান কৰা টেক্টৰ কৃষি কামৰ পৰিৱৰ্তে মাটি কটাতহে ব্যৱহাৰ কৰা হয় ৷ কৃষি বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ উন্নত জাতৰ বীজসমূহ আজিও কৃষকে ব্যৱহাৰ কৰিবলৈ বেয়া পায় ৷ ইয়াৰ কাৰণ হৈছে সজাগতা আৰু বহল প্ৰচাৰৰ অভাৱ ৷ এইসমূহ কাৰকৰ কাৰণে কৃষিখণ্ড আগুৱাই যাব পৰা নাই ৷ কিন্তু ৰাজ্য চৰকাৰে কৃষক আয় দুগুন বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰাৰ লগতে কৃষি বিভাগৰ উন্নতি বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে’’ ।

লগতে পঢ়ক : Sick Satradhikar Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনাৰ্থে মাজুলীত প্ৰাৰ্থনা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.