যোৰহাট, 6 ডিচেম্বৰঃ JEE কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকা সময়তেই যোৰহাটত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ অন্যৰ নামত পৰীক্ষা দিবলৈ অহা বহিঃৰাজ্যত তিনি যুৱক পৰিল আৰক্ষীৰ জালত ৷ উল্লেখ্য যে, দেওবাৰে যোৰহাটৰ চৰকাৰী বহুমুখী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হৈছিল বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ Multi Tasking Staffৰ পৰীক্ষাৰ ৷ এই পৰীক্ষাত হাৰিয়ানৰ অনিল নামৰ এজন যুৱকে চৰন সিং নামৰ যুৱকজনৰ সলনি পৰীক্ষা কেন্দ্ৰত বহিছিল ৷
পৰীক্ষাৰ মাজতে অনিলে মোবাইল ফোন উলিওৱাত এগৰাকী পৰীক্ষাৰ্থীয়ে হুলস্থুল কৰে আৰু ততাতৈয়াকৈ আৰক্ষীক গটাই দিয়ে ৷ অনিলক কৰায়ত্ত কৰাৰ পিছতেই আৰক্ষীয়ে আন দুটা ভুৱা পৰীক্ষাৰ্থীকো আটক কৰিবলৈ সক্ষম হয় । ধৃত পৰীক্ষাৰ্থী দুজন হাৰিয়ানাৰে দীপক আৰু পৰ্ভিদ বুলি জানিব পৰা গৈছে ৷ যোৰহাটৰ মুঠ ৪ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষা ৷ আনহাতে আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মুঠ ১২ জন ভুৱা পৰীক্ষাৰ্থীয়ে যোৰহাটত পৰীক্ষা দিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে আটাইকেজনৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷
লগতে পঢ়ক-বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন