ETV Bharat / state

ক’ভিডৰ RTPCR পৰীক্ষাৰ নামত ভুৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

author img

By

Published : Jul 16, 2021, 10:31 AM IST

ক’ভিডক ভুৱা RTPCR ৰিপ’ৰ্ট প্ৰদানেৰে ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে যোৰহাটৰ একাংশ পেথ’লজিকেল লেব’ৰেটৰী (Pathological Laboratory)ৰ বিৰুদ্ধে ৷ তেজৰ পৰীক্ষাৰ পাচত অধীক্ষকৰ চহী জাল কৰি এইবাৰ (Covid)ৰ ভুৱা RTPCR ৰিপ’ৰ্ট প্ৰদান কৰিছে একাংশ দুষ্টচক্ৰই ৷

fake-covid-report-provide-in-jorhat
ভুৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

যোৰহাট, 16 জুলাই : যোৰহাটৰ একাংশ পেথ’লজিকেল লেব’ৰেটৰী (Pathological Laboratory)য়ে ভুৱা ৰিপ’ৰ্ট (Fake Report)ৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পাচত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য ৷ যোৰহাট মেডিকেল কলেজ হাস্পতাল (JMCH)ৰ অধীক্ষকৰ চহী জালিয়াতিৰে এইবাৰ যোৰহাটত একাংশই চলাইছে ক’ভিড (Covid)ৰ ভুৱা RTPCR ৰিপ’ৰ্টৰ বেহা ৷ কিছুদিন পূৰ্বে যোৰহাটত ফাদিল হৈছিল একাংশ পেথ’লজিকেল লেব’ৰেটৰীয়ে ভুৱা ৰিপ’ৰ্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ৷ এই ভয়াৱহ ৰমৰমীয়া ব্যৱসায়ৰ তথ্য পোহৰলৈ আনিছিল JMCHৰ কৰ্তৃপক্ষই ৷

যোৰহাট জিলাত চলি আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ৰ আগশাৰীৰ VRDL লেব’ৰেটৰীৰ নামত প্ৰস্তুত কৰা ভুৱা আৰ টি পি চি আৰ (RTPCR) ৰিপ’ৰ্টৰ ৰমৰমীয়া বেহা ৷ ইয়াৰ বাবে দুষ্টচক্ৰই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ৰ লেব’ৰেটৰীৰ ভুৱা ৰিপ’ৰ্ট বনোৱাৰ লগতে অধীক্ষকৰ চহী জাল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ JMCHৰ পৰা প্ৰদান কৰা আৰ টি পি চি আৰ (RTPCR) ৰিপ’ৰ্টত থাকে ‘QR Code’ ৷

ভুৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

ধনৰ বিনিময়ত ভুৱা ৰিপ’ৰ্টৰ ব্যৱসায় চলাই আহিছে একাংশ অসাধু লোকে ৷ জিলাখনৰ বহু ঠাইত আৰ টি পি চি আৰ (RTPCR) পৰীক্ষা কৰালে লেব’ৰেটৰীসমূহত 3000 টকা পৰ্যন্ত মাচুল লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি ভুৱা ৰিপ’ৰ্টৰ জৰিয়তে মানুহৰ মাজত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে ৷

সমগ্ৰ বিষয়টো ইতিমধ্যে অনুসন্ধান কৰি ব্যৱস্থা ল’বলৈ আৰক্ষী থানাত গোচৰ ৰুজু JMCH কৰ্তৃপক্ষই ৷ আনহাতে, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত এনেধৰণৰ পৰীক্ষা কৰোৱাৰ ক্ষেত্ৰত যাতে কোনো তৃতীয় পক্ষ বা দালালে আশ্ৰয় ল’ব নোৱাৰে, তাক লৈও ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে JMCHৰ অধ্যক্ষা পূৰ্ণিমা বৰুৱাই ৷ পৰৱৰ্তী সময়ত ভুৱা লেব’ৰেটৰীৰ ৰিপ’ৰ্ট আৰু ভুৱা RTPCR ৰিপ’ৰ্টৰ সঠিক তদন্ত হ’লে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.