ETV Bharat / state

হঠাত কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক - দণ্ডাধীশ

পৌৰসভাই হকে বিহকে লেছীৰ হাতত তুলি দিয়া বজাৰৰ বাবেই যোৰহাট চহৰখনৰ বিভিন্ন পথৰ কাষৰ পদ-পথত ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানে চানি ধৰিছিল ৷

কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক
author img

By

Published : May 30, 2019, 4:24 PM IST

যোৰহাট , 30 মে': যোৰহাট পৌৰসভাই বৃহস্পতিবাৰে যোৰহাটৰ পদ-পথত থকা সৰু-সৰু দোকান সমূহৰ ওপৰত উচ্ছেদ অভিযান চলায় ৷ পৌৰসভাই হকে বিহকে লেছীৰ হাতত তুলি দিয়া বজাৰৰ বাবেই যোৰহাট চহৰখনৰ বিভিন্ন পথৰ কাষৰ পদ-পথত ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানে চানি ধৰিছিল ৷ যাৰ ফলত পদ-পথত খোজ কাঢ়ি যোৱা জনসাধাৰণৰ বহু সমস্যাৰ সৃষ্টি হৈছিল ৷ ইপিনে যোৰহাট পৌৰসভাৰ এই উচ্ছেদ অভিযানৰ বাবে হঠাত যোৰহাটৰ একাংশ পদ-পথৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে কৰ্ম-সংস্থাপন হেৰুৱাৰ অভিযোগ উত্থাপিত হৈছে ।

কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক

তেনে সময়তে যোৰহাট জিলা প্ৰশাসনে আজি কোনোধৰণৰ লিখিত জাননী নিদিয়াকৈ হঠাত পদ-পথৰ ওপৰত থকা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ দোকান-পোহাৰৰ ওপৰত উচ্ছেদ অভিযান চলায় বুলি অভিযোগ উত্থাপিত হয় ৷ ইয়াকে লৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে বছৰ বছৰ এই ক্ষুদ্ৰ ব্যৱসায়ী সকলে এনেদৰে পদ পথত দোকান দি ব্যৱসায় কৰি ঘৰ-সংসাৰ চলাই আহিছিল ৷ কিন্তু পৌৰসভাই হঠাত উচ্ছেদ অভিযান চলোৱা ফলত ব্যৱসায়ী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

কিন্তু যোৰহাট জিলা প্ৰশাসনে এই অভিযোগ নস্যাৎ কৰি ব্যৱসায়ীসকলক আগতীয়া কৈ জাননী দিয়া বুলি মন্তব্য কৰে ৷ আনহাতে 2013 বৰ্ষৰ পদ-পথ আইন অনুসৰি পদ-পথ সমূহ মুকলি কৰাৰ বাবে এইদৰেই উচ্ছেদ অভিযান চলাই বুলি দণ্ডাধীশে মন্তব্য কৰে ৷ যিহেতু পদ-পথৰ ওপৰত ব্যৱসায় কৰাটো অবৈধ সেয়ে এই উচ্ছেদ অভিযানত দণ্ডাধীশে উপস্থিত থাকে বুলি তেওঁ প্ৰকাশ কৰে ৷ উল্লেখ্য যে যোৰহাট জিলা পৌৰসভাই বিভিন্ন অঞ্চলত হকে বিহকে বজাৰৰ সৃষ্টি কৰি একমাত্ৰ মুনাফাৰ বাবেই লেছীৰ হাতত, অবৈধ ভাৱে দৈনিক ধন সংগ্ৰহৰ লাইছেন্স তুলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে আগতীয়াকৈ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ হঠাত উচ্ছেদ কৰাক লৈ ক্ষুদ্ৰ ব্যৱসায়ী সকল ক্ষোভিত হৈ পৰিছে ৷

হঠাতে কৰ্ম-সংস্হাপনহীন হৈ পৰিল একাংশ লোক।।কিহৰ কাৰণে সংস্হাপনহীন হল।।চাওক আমাৰ এক প্ৰতিবেদন।।

যোৰহাট পৌৰসভাৰ কাৰনেই হঠাতে কৰ্ম-সংস্হাপন হেৰুৱাই হাহাকাৰ অৱস্থা যোৰহাটৰ একাংশ পদ-পথৰ ক্ষুদ্ৰ বেৱসায়ীৰ।অকমন্য আৰু অদুৰদৰ্শী পৌৰসভা খনে হকে বিহকে লেছীৰ হাতত তুলি দিয়া বজাৰৰ বাবেই যোৰহাট চহৰখনৰ বিভিন্ন পথৰ কাষৰ পদ-পথত ক্ষুদ্ৰ বেৱসায় চানি ধৰিছিল।যাৰফলত পদ-পথত খোজ কাঢ়ি যোৱাৰ টো সমস্যাৰ সৃষ্টি কৰিছিল জনসাধাৰণক।ইয়াৰ পৰিপেক্ষিতত যোৰহাট জিলা প্ৰশাসনে আজি কোনোধৰনৰ লিখিত জাননী জাৰি নকৰাকৈয়ে হঠাতে উচ্ছেদ অভিযান আৰম্ভ কৰে চহৰখনৰ পদ-পথৰ ওপৰত থকা ক্ষুদ্ৰ বেৱসায়ী দোকান-পোহাৰৰ ওপৰত।ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ক্ষুদ্ৰ বেৱসায়ী সকলৰ মাজত।উল্লেখযোগ্য যে বছৰ বছৰ ধৰি বেৱসায় কৰি অহা লোক সকলে এনেদৰে ক্ষুদ্ৰ বেৱসায় কৰি ঘৰ-সংসাৰ চলাই আহিছিল।কিন্তু হঠাতে উচ্ছেদ কৰাৰ ফলত বেৱসায়ী সকলৰ মাজত হাহাকাৰ অৱস্থা হৈছে।

byte-ক্ষুদ্ৰ বেৱসায়ী।।।

আনহাতে যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে এইসকল বেৱসায়ীক আগতীয়া কৈ জাননী জাৰি কৰা বুলি অৱগত কৰে।আনহাতে ২০১৩ পদ-পথ আইন অনুসৰি পদ-পথ সমূহ মুকলি কৰাৰ বাবে এইদৰেই উচ্ছেদ অভিযান আৰম্ভ কৰে।যিহেতু পদ-পথৰ ওপৰত বেৱসায় কৰাটো অবৈধ বুলিলে উচ্ছেদ অভিযানত জড়িত দন্ডাশীক্ষে।

byte:-দন্ডাশীক্ষ।

উল্লেখযোগ্য যে যোৰহাট জিলা পৌৰসভাই বিভিন্ন অঞ্চলত হকে বিহকে বজাৰৰ সৃষ্টি কৰি একমাত্ৰ মুনাফাৰ বাবেই লেছীৰ হাতত তুলি দিয়ে অবৈধ ভাৱে দৈনিক ধন সংগ্ৰহৰ লাইছেন্স।যিহেতু এই সকল বেৱসায়ীয়ে দৈনিক লেছীক বেৱসায় কৰাৰ বাবত দি আহিছিল ধন।যোৰহাট পৌৰসভাৰ পৌৰপতি পৱন বৰদলৈক এই উচ্ছেদ কৰাৰ ঘটনা সম্পৰ্কে জানিব বিছৰাত দিব নোৱাৰিলে সুদুউত্তৰ।

আগতীয়াকৈ সংস্ঠাপনৰ বেৱস্হা নকৰি হঠাতে উচ্ছেদ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে ক্ষুভিত হৈ পৰিছে ক্ষুদ্ৰ বেৱসায়ী সকল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.