ETV Bharat / state

প্ৰাপ্য ধন মুকলিৰ দাবীত প্ৰতিবাদত বহিল যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী

দেহত দুৰাৰোগ্য ৰোগ লৈ প্ৰতিবাদত নামিল কৰ্মচাৰী ৷ বিগত সাত মাহে দৰমহা পোৱা নাই উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে ৷

author img

By

Published : Sep 11, 2019, 2:10 PM IST

প্ৰাপ্য ধন মুকলিৰ দাবীত প্ৰতিবাদত বহিল উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী

যোৰহাট,11ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন চৰকাৰী আৰু চৰকাৰৰ অন্তৰ্গত কাৰ্যালয়ৰ বহু কৰ্মচাৰীয়ে এতিয়া ন্যায্য প্ৰাপ্তিৰ দাবীত নামিবলগীয়া হৈছে প্ৰতিবাদত । একমাত্ৰ নিজৰ প্ৰাপ্ত অধিকাৰৰ বাবেই কৰ্মস্থলী ত্যাগ কৰিবলগীয়া হৈছে একাংশ ৰাজ্যিক কৰ্মচাৰী । যোৰহাটৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলে বিগত সাত মাহে পোৱা নাই প্ৰাপ্য দৰমহা । আনকি পোৱা নাই সপ্তম আয়োগৰ নিৰ্ধাৰিত দৰমহা । যাৰ ফলত বুধবাৰে উন্নয়ন প্ৰাধিকৰণৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰীসকল ৷ অতিশীঘ্ৰে প্ৰাপ্য ধন মুকলি কৰি দিয়াৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় প্ৰতিবাদকাৰীসকলে৷

প্ৰাপ্য ধন মুকলিৰ দাবীত প্ৰতিবাদত বহিল উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী

উল্লেখ্য যে মুন বুঢ়াগোহাঁই নামৰ এগৰাকী কৰ্মচাৰীয়ে দেহত দুৰাৰোগ্য ৰোগ লৈ একমাত্ৰ ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব পৰা নাই ।

দেহত দুৰাৰোগ্য লৈ প্ৰতিবাদত নামিল কৰ্মচাৰী।।বিগত সাত মাহে দৰমহা পোৱা নাই উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে।।দৰমহাবিহীন হৈ ইহলীলা গমন এজনৰ।।

ৰাজ্যখনৰ বিভিন্ন চৰকাৰী আৰু চৰকাৰৰ অন্তৰ্গত কায্যলয়ৰ বহু কৰ্মচাৰীয়ে এতিয়া ন্যায প্ৰাপ্তিৰ দাবীত নামিব লগিযা হৈ প্ৰতিবাদী কাৰ্যসূচীত।একমাত্ৰ নিজৰ প্ৰাপ্ত অধীকাৰৰ বাবেই কৰ্মস্হলী ত্যাগ কৰি নামিব লগিয়া অৱস্থা হৈছে একাংশ ৰাজ্যিক কৰ্মচাৰীৰ।দৰমহাৰ নোপোৱাকৈ একাংশ কৰ্মচাৰীয়ে ইতিমধ্যে ইহলীলা গমন কৰিছে।আনহাতে কোনোৱে আকৌ দেহত দুৰাৰোগ্য লৈ জিয়াই আছে চিকিৎসাৰ অবিহনে।এয়াই হল বৰ্তমানৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীৰ দূৰ্দশা।উল্লেখযোগ্য যে যোৰহাটৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী সকলে বিগত সাত মাহে পোৱা নাই মাহেকীয়া দৰমহা।আনকি পোৱা নাই সপ্তম আয়োগৰ নিৰ্ধাৰিত দৰমহা।মূন বুঢ়াগোহাঁই নামৰ এইগৰাকী কৰ্মচাৰীয়ে দেহত দূৰাৰোগ লৈ একমাত্ৰ ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব পৰা নাই।আনকি ঔষধ সেৱন কৰিবলৈ হাত নাই প্ৰযাপ্ত ধন।যাৰফলত আজি উন্নয়ন প্ৰাধিকৰণৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী লৈ অনুৰোধ আমিক জিয়াই থাকিব দিয়ক।অতি শীঘ্ৰে মুকলি কৰি দিয়ক বকেয়াৰ লগতে সাত মাহৰ দৰমহা।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.