যোৰহাট,27 ফেব্ৰুৱাৰী: শনিবাৰে যোৰহাট জিলা ই-মিডিয়া সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় ৷ যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিৱেশনত পতাকা উত্তোলন কৰে জিলা ই-মিডিয়া সন্থাৰ সভাপতি ৰাজীৱ বৰাই ৷ ইয়াৰ পিচতে পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় ৷
সমিতিত পুনৰ ৰাজীৱ বৰাক সভাপতি আৰু উত্তম শইকীয়াক সম্পাদক হিচাপে লৈ ১৭ জনীয়া এখন নতুন সমিতি গঠন কৰা হয় ৷ আনহাতে অধিবেশনৰ মুকলি সভাত উপস্থিত থাকে যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে বহুকেইটা জাতীয় সংগঠনৰ বিষয়ববীয়া ৷ তদুপৰি অধিবেশনত জ্যেষ্ঠ সাংবাদিক ললিত বৰাই ই-মিডিয়াৰ 'অক্লান্ত' নামৰ আলোচনীখন উন্মোচন কৰে ৷
লগতে পঢ়কঃ নিৰ্বাচনী অধিসূচনা জাৰি : বেনাৰ আৰু পোষ্টাৰ আঁতৰোৱাত ব্যস্ত প্ৰশাসন