ETV Bharat / state

Anti drugs mission in jorhat: ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

author img

By

Published : Dec 24, 2021, 5:23 PM IST

নিষিদ্ধ দ্ৰব্যৰ কৱলৰ পৰা সাৰি নগ’ল ৰাজ্যখনৰে এখন উল্লেখযোগ্য চহৰ যোৰহাট ৷ যোৰহাটতো শিপালে ড্ৰাগছকে আদি কৰি নিচাজাতীয় সামগ্ৰীৰ বৃহৎ চক্ৰই ৷ এই অশুভ চক্ৰটোৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে চলোৱা অভিযানত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰা হয় (Drug peddler arrested in Jorhat) ৷

ড্ৰাগছসহ এজনক গ্ৰপ্তাৰ যোৰহাট আৰক্ষীৰ
ড্ৰাগছসহ এজনক গ্ৰপ্তাৰ যোৰহাট আৰক্ষীৰ

যোৰহাট, 24 ডিচেম্বৰ: শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে নিচাযুক্ত সামগ্ৰীৰ বিৰূদ্ধে আৰক্ষীৰ যুদ্ধকালীন তৎপৰতা ৷ এনে অভিযানত বৃহৎ পৰিমানৰ নিষিদ্ধ সামগ্ৰী জব্দ হোৱাৰ লগতে কৰায়ত্ব হৈছে বহু সৰবৰাহকাৰী ৷ তাৰ মাজতো একাধিক অশুভ চক্ৰই প্ৰশাসনৰ চকুত ধূলি মাৰি গোপনে চলাই নিছে নিষিদ্ধ সামগ্ৰীৰ অবৈধ বেহাখন ৷

এই অসাধু চক্ৰৰ কৱলৰ পৰা সাৰি নগ’ল ৰাজ্যখনৰে এখন উল্লেখযোগ্য চহৰ যোৰহাট ৷ সংস্কৃতিক ক্ষেত্ৰৰ ক্ষেত্ৰত চহকী যোৰহাট চহৰতো শিপালে ড্ৰাগছকে আদি কৰি নিচাজাতীয় সামগ্ৰীৰ বৃহৎ চক্ৰটোৱে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ আৰক্ষী বিভাগৰ তৎপৰাত যোৰহাটতো আৰম্ভ হৈছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission in Jorhat) ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশৰ পিছতে এই তৎপৰতা দেখা গ'ল যোৰহাটত ৷

ড্ৰাগছসহ এজনক গ্ৰপ্তাৰ যোৰহাট আৰক্ষীৰ

যোৰহাট আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা লগতে ইয়াৰ লগত জড়িত মহেন্দ্ৰ দাস ওৰফে বিন্দিয়াক আটক কৰা হয় (Drug peddler arrested in Jorhat) ৷ আনহাতে নগৰৰ আশে পাশে অভিযান চলাই ২৩ শ লিটাৰ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে ৷ বিভিন্ন কৌশল প্ৰয়োগ কৰি এইসকল ব্যৱসায়ীয়ে যোৰহাটত এখন ক'লা সামাজ্য অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে ৷

উল্লেখ্য যে, যোৰহাট আৰক্ষীয়ে ড্ৰাগছৰ বেপাৰৰ লগত জড়িত থকাৰ সন্দেহত একাংশ লোকক আটক কৰি আহিছে যদিও আৰক্ষীৰ দূৰ্বল ভুমিকাৰ বাবে আইনৰ সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হৈছে এইসকল অপৰাধী ।

লগতে পঢ়ক: Drugs Burnt in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.