যোৰহাট,৭ অক্টোবৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱাৰ দেহাৱসান (Asam Sahitya Sabha former GS dies)। সাহিত্য সভাৰ তিনিবাৰৰ প্ৰধান সম্পাদক আছিল ড° অমল ৰাজখোৱা । JMCHত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজখোৱাই (Dr Amal Rajkhowa dies in JMCH)। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ড° ৰাজখোৱা । মৃত্যুৰ সময়ত ড° ৰাজখোৱাৰ বয়স আছিল ৮১ বছৰ ।
শেহতীয়াকৈ চিকিৎসাৰ সময়ছোৱাত স্বাস্থ্যৰ বুজ লৈছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আনকি চিকিৎসাত বিশেষ গুৰুত্ব দিবলৈও নিৰ্দেশ দিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়েও উন্নত চিকিৎসাৰ বাবে উদ্যোগ লৈছিল । ড° ৰাজখোৱাৰ মৃত্যুত অসমৰ সাহিত্য জগতত শোকৰ ছাঁ পৰিছে ।
৩০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল ড° অমল ৰাজখোৱাই । কালিদাসৰ ঋতুসংহাৰম আৰু চাণক্য অনুবাদ কৰিছিল ৰাজখোৱাই । সংস্কৃত শ্লোকৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছিল অমল ৰাজখোৱাই । ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড° অমল ৰাজখোৱাই কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা “অসমীয়া উপন্যাসত সামাজিক আৰু ৰাজনৈতিক চেতনা : এক সমীক্ষাত্মক অধ্যয়ন” শীৰ্ষক বিষয়ত গৱেষণা কৰি পি.এইচ.ডি লাভ কৰে ।
'আদৰ্শ জীৱন সাৰথি', 'বিশ্ব উপন্যাসৰ কথা আৰু কাহিনী' (২০১৭), 'শতাব্দীৰ অভিভাষণ প্ৰসংগ', 'আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা'কে আদি কৰি ৩০ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰা ড° অমল ৰাজখোৱাই কালিদাসৰ 'ঋতুসংহাৰম্' আৰু 'চাণক্য শ্লোক' সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছে ৷ 'মিলন তীৰ্থৰ ধ্বনি', 'The cultural heritage of Northeast India'-কে আদি কৰি কেইবাখনো গ্ৰন্থ সম্পাদনা কৰাৰ লগতে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ বাবে ৰচনা কৰিছিল বহুকেইখন ব্যাকৰণ ৷
উল্লেখ্য যে তেখেতৰ দ্বাৰা ৰচিত ব্যাকৰণ পুথি এতিয়াও হাইস্কুল পৰ্যায়ত পাঠ্যপুথিৰূপে প্ৰচলিত হৈ আহিছে ৷ ১৯৫৮ চনৰ পৰা অসম সাহিত্য সভাৰে জড়িত হৈ ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে তিনিটাকৈ গুৰুত্বপূৰ্ণ বছৰ জাতীয় অনুষ্ঠানটিক ড° ৰাজখোৱাই নেতৃত্ব দিছিল ৷ তেওঁৰ সাহিত্যচৰ্চা তথা সাংগঠনিক দক্ষতাৰ বাবে সভাই 'সাহিত্যপ্ৰাণ', 'নেহৰু পুৰস্কাৰ', 'বৰাক বন্ধু সন্মান' লাভ কৰাৰ লগতে ২০০৪ চনত তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনো লাভ কৰে ৷ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 'ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২১' আগবঢ়োৱা হয় ৷
লগতে পঢ়ক :মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবীণ অভিনেতা অৰুণ বালিয়ে