ETV Bharat / state

Assam HS result 2023:কম্পিউটাৰ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰিও মাৰ্কশ্বিটত অনুত্তীৰ্ণ

author img

By

Published : Jun 8, 2023, 8:15 PM IST

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আজৱ কাণ্ডই ৰাইজৰ চকু কঁপালত তুলিছে (AHSEC result 2023) । এইবাৰ ৰাজ্য ভিতৰত কম্পিউটাৰ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক শিক্ষাৰ্থীক মাৰ্কশ্বিটত দেখুওউৱা হৈছে অনুত্তীৰ্ণ ।

Highest marks in HS Computer Science
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

যোৰহাট, ৮ জুন : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীক লৈ শিক্ষা বিভাগৰ ল'ৰা-ধেমালি (HS result 2023)। ৰাজ্যৰ ভিতৰত কম্পিউটাৰ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰা যোৰহাটৰ শিক্ষাৰ্থীক মাৰ্কশ্বিটত অনুত্তীৰ্ণ বুলি দেখুওউৱা হৈছে । ফলত হতাশাত ভাগি পৰিছে শিক্ষাৰ্থী (Highest marks in HS Computer Science)।

কৈ কৈ ওৰকে নপৰে ৰাজ্য়ৰ শিক্ষা বিভাগৰ কথা । বছৰেকেত অনুষ্ঠিত কৰা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা । তাকো সুচাৰুৰূপে অনুষ্ঠিত কৰাত বিফল হৈছে শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু । মঙলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিসংগতি ধৰা পৰিছে (Discrepancies in HS results)। ফলত শিক্ষা বিভাগৰ এনে আজৱ কাণ্ডৰ বাবে মানসিকভাৱে ভাগি পৰিছে একাংশ ছাত্র-ছাত্রী (Anomaly in HS result)। এনে এক ঘটনাই সংঘটিত হৈছে যোৰহাট জিলাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ক্ৰিছেন্ট একাডেমীত ।

ৰাজ্যৰ ভিতৰত কম্পিউটাৰ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰা এগৰাকী ছাত্ৰীৰ লগত অন্য তিনিগৰাকী শিক্ষাৰ্থীৰ মাৰ্কশ্বিটত বিসংগতি ধৰা পৰিছে (Discrepancies in HS mark sheets in Jorhat)। এই ছাত্ৰীকেইগৰাকীক তেওঁলোকৰ আন বিষয়ত নম্বৰৰ দিয়া হোৱা নাই । ফলত তেওঁলোকক অনুত্তীৰ্ণ বুলি দেখুওউৱা হৈছে । ফলত হতাশাত মানসিকভাৱে ভাগি পৰিছে ক্ৰিছেন্ট একাডেমী শিক্ষাৰ্থীকেইগৰাকী ।

আনহাতে, উক্ত শিক্ষানুষ্ঠানখনৰ মুৰব্বী জিতা বৰুৱাই এই প্ৰসংগত কয়," শিক্ষা বিভাগৰ এনে কাৰ্যই কোমল অন্তৰৰ এই শিক্ষাৰ্থীসকলক হতাশাৰ মাজলৈ ঠেলি দিছে ।" তেওঁ এইক্ষেত্ৰত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সু-মীমাংসা কৰিব বুলি আশা প্ৰকাশ কৰে । শীঘ্ৰে চাৰিগৰাকী শিক্ষাৰ্থীয়ে এইক্ষেত্ৰত সুফল লাভ কৰিব বুলিও তেওঁ আশাবাদী ।

উল্লেখ্য যে যোৰহাটৰ উক্ত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এনে হোৱা নাই । ৰাজ্যৰ আন বহুতো বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অনুৰূপ ঘটনা সংঘটিত হৈছে । শিক্ষাৰ্থীৰ জীৱনক লৈ ল'ৰা-ধেমালি কৰা শিক্ষা বিভাগৰ এনে কাৰ্যক সচেতন ৰাইজে ধিক্কাৰ দিছে ।

লগতে পঢ়ক:Amphitheatre on Haflong Lake: পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ডিমা হাছাওৰ হাফলং হ্ৰদৰ ওপৰত নিৰ্মাণ কৰা হৈছে Amphitheatre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.