ETV Bharat / state

Poor condition of Teok Hospital :টীয়কত আজিও মুকলি নহ'ল অক্সিজেন প্লাণ্ট

author img

By

Published : Jul 31, 2023, 3:06 PM IST

এজাক বৰষুণ দিলেই এক্স-ৰে মেচিন বন্ধ হৈ পৰে টীয়ক FRU ত । বৰষুণ দিলেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৰোগীৰ । ক'ভিডৰ সময়তেই স্থাপন কৰা অক্সিজেন প্লাণ্ট ৰোগীৰ বাবে আজিলৈকে মুকলি নহ'ল টীয়ক FRU ত ।

Poor condition of Teok Hospital
টীয়ক FRUৰ অৱস্থা
টীয়ক FRUৰ অৱস্থা

টীয়ক, ৩১ জুলাই: বিগত এবছৰ ধৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়ন সাধন হোৱা বুলি দাবী কৰি আহিছে চৰকাৰে ৷ শেহতীয়াকৈ ৰাজ্যত নতুনকৈ কেইবাখনো চিকিৎসা মহাবিদ্যালত চিকিৎসাৰ লগতে নামভৰ্তীৰ কাম-কাজ আৰম্ভ হৈছে ৷ ইপিনে, চৰকাৰে সমান্তৰালভাৱে স্বাস্থ্যখণ্ডতো ব্যাপক হাৰত নিযুক্তি প্ৰদান কৰিছে ৷ বিশেষকৈ ক'ভিডৰ পিচতেই ৰাজ্য় চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । কিন্তু চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা বাস্তৱ ক্ষেত্ৰত কিমান সফল হৈছে তাক লৈহে ৰাইজৰ মাজত হৈছে চৰ্চা । ইয়াৰে জ্বলন্ত উদাহৰণ হৈছে টীয়কৰ একমাত্ৰ চিকিৎসালয়খনত থকা অক্সিজেন প্লাণ্ট ।

লগতে পঢ়ক:Arms Recovered at Manja: মাঞ্জাত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক নতুনকৈ সংগঠিত বিদ্ৰোহী সংগঠনৰ সদস্য

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত উন্নয়ন হৈছে নে নাই সেয়া টীয়কৰ একমাত্ৰ চিকিৎসালয়খনৰ পঁয়ালগা ছবি দেখিলেই অনুমান কৰিব পাৰি । যি সময়ত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নতি হোৱা বুলি দাবী কৰিছে সেই সময়তেই উন্নয়নৰ প্ৰকৃত ছবিখন টীয়কৰ FRU খনেই উদঙাই দিছে ।

এজাক বৰষুণ দিলেই টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসাৰ স্থল FRUখনত এক্সৰে মেচিন বন্ধ হৈ পৰে । ৰোগীৰ বিচনাত পানী পৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় টীয়ক FRUত । উল্লেখ্য় যে ক'ভিডৰ সময়তেই ৰোগীৰ বাবে স্থাপন কৰা অক্সিজেন প্লাণ্ট আজিলৈকে মুকলি কৰিব নোৱাৰিলে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক:First Eidgah in Guwahati : ১২৩ বছৰীয়া গুৱাহাটীৰ প্ৰথম ঈদগাহৰ ইতিহাস বিচাৰি...

তদুপৰি ৰোগীৰ সুবিধা হোৱাকৈ ১০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত নহ'ল টীয়ক FRUখন । সেয়ে অনতি পলমে সাধাৰণত ৰাইজৰ বাবে টীয়ক FRUখনৰ আন্তঃগাথঁনি উন্নতি কৰি ৰোগীৰ সুবিধা হোৱাকৈ পৰ্যাপ্ত সকলো সা-সুবিধা দিবৰ বাবে দাবী জনাইছে টীয়কৰ সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক:Illegal gambling in Jorhat: উজনিত গঢ় লৈ উঠিছে অবৈধ লটাৰী খেল; কঠোৰ যোৰহাট আৰক্ষী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.