ETV Bharat / state

Dhekiakhowa Bornaamghar: সমাগত ভাদ মাহ; ভক্তক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি

author img

By

Published : Aug 7, 2023, 12:55 PM IST

সমাগত ভাদ মাহ ৷ ৰং-তেল সানি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ ৷ ভক্তক আদৰিবলৈ সাজু হৈছে নামঘৰ পৰিচালনা সমিতিও ৷

Dhekiakhowa Bornaamghar
ৰং-তেল সানি সজাই তোলা হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

টীয়ক, 7 আগষ্ট : ভাদ মাহলৈ মাজত মাথোঁ কেইটামান দিন বাকী । শাওনৰ সংক্ৰান্তি অৰ্থাৎ আগষ্টৰ 18 তাৰিখৰ নিশাৰ পৰা যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে মাহ যোৰাকৈ অনুষ্ঠিত হ'ব চাৰিপ্ৰসংগীয়া পালনাম । অন্যান্য মাহৰ তুলনাত বছৰি ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰৰ এই চাৰিপ্ৰসংগীয়া পালনামত গুৰু আসনত সেৱা ল’বলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা ভক্তৰ সমাগম বৃদ্ধি পায় ৷

ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় ঢেকীয়াখোৱা বৰনামঘৰ । এইবাৰো ভাদমাহৰ পালনামৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে । মূল নামঘৰৰ লগতে শৰাই লোৱা গৃহ, চাকি জ্বলোৱা গৃহ, অতিথিশালা, কাৰ্যালয়, ভোজনালয়, ভঁৰাল ঘৰৰ লগতে নামঘৰৰ চৌপাশ ৰং-তেল সানি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ।

ইয়াৰ সমান্তৰালকৈ নাম সমিতি, কৃষ্টি সমিতিৰ লগতে পৰিচালনা সমিতিৰ প্ৰতিজন সদস্য তথা বিষয়ববীয়াই সঘনাই আলোচনাত মিলিত হৈ পালনামৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে বৰ্ধিত ভক্তৰ সমাগম নিয়ন্ত্ৰণক কৰিবৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈছে বৰনামঘৰ পৰিচালনা সমিতি ৷ মুঠৰ ওপৰত পবিত্ৰ ভাদ মাহৰ চাৰিপ্ৰসংগীয়া পালনামৰ ভকত বৈষ্ণৱক আদৰিবলৈ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ প্ৰস্তুতি এতিয়া তুংগত ।

ইপিনে ভক্তৰ অহা যোৱা-খোৱা বোৱা আদি কোনো ক্ষেত্ৰতে যাতে অসুবিধাত নপৰে তাৰ প্ৰতি জিলা প্ৰশাসন, সংবাদ মাধ্যম তথা স্থানীয় অনান্য সামাজিক অনুষ্ঠানসমূহৰ লগতে ৰাইজৰ আগৰ দৰে সহায় সহযোগিতা কামনা কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে আৰু এই পবিত্ৰ ভাদমাহতসমূহ অসমবাসীকে এই ঐতিহাসিক পীঠলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছে ৷

লগতে পঢ়ক : Sawan Sombar: ঐতিহাসিক গোভাৰজাৰ দেওশাল শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.