ETV Bharat / state

Devkumar Bora Memorial Media Fellowship : দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল'শ্বিপ সাংবাদিক গীতালি শইকীয়ালৈ

author img

By

Published : Jun 30, 2023, 7:19 AM IST

দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ 2023 ঘোষণা ৷ সাংবাদিক ড০ গীতালি শইকীয়ালৈ এই সন্মান ৷ "ভোগদৈৰ অংশত জৈৱ বৈচিত্র্যলৈ ভাবুকি" শীৰ্ষক বিষয়ত শইকীয়াই প্ৰস্তুত কৰা "চিনপছিছ" খনৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় এই ফেল'শ্বিপ ৷

Devkumar Bora Memorial Media Fellowship 2023 announced
দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল'শ্বিপ সাংবাদিক গীতালি শইকীয়ালৈ

যোৰহাট, 30 জুন: অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰেছ উপদেষ্টা প্ৰয়াত দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল'শ্বিপ বৃহস্পতিবাৰে যোৰহাটৰ হোটেল নিউ পাৰ্কত অনুষ্ঠিত এক সংবাদমেলযোগে ঘোষণা কৰা হয় । সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ উদ্যোগত অনুষ্ঠিত এই মিডিয়া ফেল'শ্বিপ আগবঢ়োৱা হৈছে নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক ড৹ গীতালি শইকীয়ালৈ ৷ "ভোগদৈৰ অংশত জৈৱ বৈচিত্র্যলৈ ভাবুকি" শীৰ্ষক বিষয়ত শইকীয়াই প্ৰস্তুত কৰা "চিনপছিছ" খনে পাবলৈ সক্ষম হৈছে এই বঁটা । 50 গৰাকীতকৈয়ো অধিক সাংবাদিকে এই ফেল'শ্বিপৰ বাবে "চিনপছিছ" প্ৰদান কৰিছিল বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

এই ফেল'শ্বিপৰ বিশেষজ্ঞ সমিতিত মুখ্য বিশেষজ্ঞ হিচাপে আছে যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ডঃ নীলিমা বৰা, যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা ডঃ সূৰ্য কুমাৰ চেতিয়া, সাংবাদিক দেৱজিৎ বৰুৱা, জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, জ্যেষ্ঠ সাংবাদিক ললিত বৰাকে প্ৰমুখ্যে কৰি কেইবাজনো ব্যক্তি ।

আনহাতে কেইবাজনো সাংবাদিকে প্ৰদান কৰা চিনপছিছক বিচাৰক মণ্ডলীয়ে বিবেচনা কৰিছিল যদিও ড৹ গীতালি শইকীয়াই প্ৰদান কৰা চিনপছিছখনলৈ ফেল'শ্বিপ প্ৰদান কৰা হয় বুলি সংবাদমেলখনত জানিবলৈ দিয়ে আজুৰ যোৰহাট জিলাৰ সভাপতি তথা যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক যোগেশ ওজাই । আনহাতে এই সংবাদমেলতে প্ৰয়াত দেৱকুমাৰ বৰাৰ সহধর্মিণী বৰ্ণালী বৰাই কয় যে, সাংবাদিকসকলৰ মাজত বহু মেধাসম্পন্ন ব্যক্তি আছে । কিন্তু সেইসকল ব্যক্তিয়ে নিজৰ বহু সমস্যাৰ বাবে আগবাঢ়িব যাব নোৱাৰে । সেইসকল সাংবাদিকৰ বাবে এই ফেল'শ্বিপৰ ব্যৱস্থা কৰা হৈছে ।'

লগতে তেওঁ এই ফেল'শ্বিপৰ ধাৰা অব্যাহত থাকিব বুলি উল্লেখ কৰে । যোৰহাটৰ সাংবাদিকসকলক বিপদৰ সময়ত সকাহ দিব পৰাকৈ সাংবাদিক কল্যাণ নিধি গঠন কৰা হৈছে বুলিও সংবাদমেলত উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : HBS meets PM Modi: প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণকলৈয়ো প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.