ETV Bharat / state

IPL gambler arrested: আইপিএলৰ নামত বৃহৎ জুৱা, দেৰগাঁও আৰক্ষী জালত ৪ জুৱাৰী - IPL 2023 Gambling Game

আইপিএল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেৰগাঁও আৰক্ষী ৷ দেৰগাঁও আৰক্ষীৰ জালত পৰিল 4 টাকৈ আই পিএল জুৱাৰী । শুক্ৰবাৰে নিশা আইপিএল জুৱাৰ লগত জড়িত থকাৰ অভিযোগত দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বাদুলিপাৰাৰ পৰা ৪ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় স্থানীয় আৰক্ষী (Dergaon Police against IPL gambling) ৷

Dergaon Police against IPL gambling
আইপিএল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ দেৰগাঁও আৰক্ষী
author img

By

Published : May 27, 2023, 4:02 PM IST

যোৰহাট, 5 মে’ : দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে আইপিএলৰ জ্বৰ ৷ তাৰ মাজতেই দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই চলাইছে আইপিএলৰ নামত ৰমৰমীয়া জুৱা ৷ ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে এনেধৰণৰ অপৰাধজনিত ঘটনা ৷ ৰাজ্য়ৰ বিভিন্ন স্থানত আই পিএলক লৈ এতিয়া চলি আছে লাখ লাখ‌ টকাৰ জুৱা ৷ এনে জুৱাই নিশাৰ ভিতৰতে সৰ্বস্বান্ত কৰিছে বহুতকে ৷ (IPL 2023 Gambling Game) ৷

দেৰগাঁৱতো আইপিএলৰ নামত চলিছে জুৱাৰ বেহা ৷ দেৰগাঁৱৰ বিভিন্ন স্থানত গোপনে চলিছে আইপিএল জুৱা ৷ আইপিএলক কেন্দ্ৰ কৰি চলা জুৱাৰ এই ৰমৰমীয়া বেহাৰ চক্ৰত পৰি বহু লোক সৰ্বস্বান্ত হোৱাৰ অভিযোগ উথ্থাপন হৈছে ৷ তেনে সময়তে আইপিএল জুৱা তথা জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেৰগাঁও আৰক্ষী (Dergaon Police against IPL gambling) ৷

এইবাৰ দেৰগাঁও আৰক্ষীৰ জালত পৰিল 4 টাকৈ আই পিএল জুৱাৰী । শুক্ৰবাৰে নিশা আইপিএল জুৱাৰ লগত জড়িত থকাৰ অভিযোগত দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বাদুলিপাৰাৰ পৰা ৪ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় স্থানীয় আৰক্ষী ৷ আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা ক্ৰমে মণিউদ্দিন আলি, আৰ্শীষ সিং, ৰাজীৱ চুৰি, ৰঞ্জন দাস ৷ আটকধীন জুৱাৰী কেইটাক দেৰগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে (Dergaon Police Arrested 4 IPL gambler) ৷

আটকধীন জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৬,৫১,৪৪০ নগদ ধনৰ লগতে কেইবাটাও ম’বাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ আইপিএল সমাপ্ত হ'বলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ দেওবাৰে অনুষ্ঠিত হ'ব আইপিএলৰ চূড়ান্ত খেল ৷ এই দিনটোতো বিভিন্ন প্ৰান্তত আইপিএলক কেন্দ্ৰ কৰি গঢ়ি উঠিব পাৰে বৃহৎ জুৱাৰ বজাৰ ৷ সেয়েহে এই জুৱা পুলিয়ে-পোখাই উভালিবলৈ আৰক্ষীক দাবী জনাইছে সচেতন ৰাইজে (IPL gambler arrested) ৷

লগতে পঢ়ক: Landslides in Meghalaya: শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.