ETV Bharat / state

Jorhat Fire Incident: যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ, অলৰ-অচৰ জ্যোতিপ্ৰসাদ

author img

By

Published : Dec 22, 2022, 11:02 PM IST

প্ৰায় 24 ঘণ্টাৰ পাছতো নিৰ্বাপিত হোৱা নাই যোৰহাটৰ জুই (Jorhat Fire Incident)৷ বুধবাৰে নিশা মাৰোৱাৰীপট্টিত সংঘটিত অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ ৷ জাহ গৈছে ইটোৰ পাছত সিটো বাসগৃহ, ইখনৰ পাছত সিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ তাৰ মাজতো জিলিকি ৰৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৷

Jorhat Fire Incident
যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ
যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ

যোৰহাট, 22 ডিচেম্বৰ: দাওদাও জ্বলি উঠা জুইকুৰাই ছাই কৰি দিলে যোৰহাটৰ মাৰোৱাৰীপট্টিৰ ত্ৰিশখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেইবাটাও বাসগৃহ (Jorhat Fire Incident)৷ প্ৰায় 24 ঘণ্টা ধৰি জ্বলিয়েই আছে অভিশপ্ত বুধবাৰৰ জুইকুৰা ৷ ইয়াৰ মাজতে এটা বিশেষ দৃশ্যত চকু নিবদ্ধ হৈছে সকলোৰে ৷

প্ৰকাণ্ড অগ্নিশিখাইও ক্ষতি কৰিব নোৱাৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদক (Jyoti Prasad Agarwala statue in Jorhat)৷ মাৰোৱাৰীপট্টিৰ যি স্থানত বুধবাৰে নিশা সূত্ৰপাত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ, সেই স্থানতে প্ৰতিষ্ঠিত ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি এতিয়াও আছে অক্ষত ৰূপত ৷ সকলো শেষ হৈ গ’লেও জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি অলৰ-অচৰ হৈ থকা দৃশ্যটোৱে কাঢ়ি নিছে অসমীয়াৰ দৃষ্টি ৷

উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় ১০.১৫ বজাত যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ নিমিষতে ছাই হৈ গৈছিল তিনিখন দোকান ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ বহু প্ৰচেষ্টাইও নুমুৱাব নোৱাৰিলে জুই ৷ গোলাঘাট, শিৱসাগৰ, যোৰহাটৰ লগতে বায়ু সেনা বাহিনী, ভাৰতীয় সেনা আৰু অ’ এন জি চিৰ শতাধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়েও জুই নুমুৱাবলৈ সফল হোৱা নাই ৷ ফলত জুইৰ লেলিহান শিখা বিয়পি পৰিল সমগ্ৰ অঞ্চললৈ ৷ ফলশ্ৰুতিত এই পৰ্যন্ত নগৰখনৰ ত্ৰিশখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেবাটাও বাসগৃহ ভস্মীভূত হৈছে (Losses in Jorhat fire)৷

ইফালে চহৰখনৰ মাজমজিয়াত সংঘটিত এই অগ্নিকাণ্ডৰ পাছতে এখনৰ পাছত আন এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহলৈ জুই সম্প্ৰসাৰিত হৈছে । নিমিষতে জুয়ে গ্ৰাস কৰি পেলোৱা প্ৰতিষ্ঠানসমূহ হৈ পৰিছে ধ্বংসস্তূপ ৷ আনহাতে জুই সম্প্ৰসাৰণ বন্ধ কৰাৰ প্ৰচেষ্টাৰে এফালৰ পৰাৰ এক্সকেভেটৰৰ জৰিয়তে সু-বিশাল তথা জুয়ে গ্ৰাস কৰাৰ বাসগৃহসমূহ ভাঙি গৈছে প্ৰশাসনে ৷

যুদ্ধকালীন তৎপৰতাৰে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে সকলো পক্ষই । আনহাতে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ব্যাপক হাৰত মজুত ৰখা সামগ্ৰীসমূহত জুই লগাত যোৰহাটৰ আকাশত এক শিহঁৰণকাৰী ছবি দেখা গৈছে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে যদিও এই পৰ্যন্ত সেই কথা স্পষ্ট হোৱা নাই (Reason of Jorhat fire incident)৷

আনহাতে বৃহস্পতিবাৰে যোৰহাট নগৰৰ এই অগ্নিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে দুৰ্যোগ প্ৰশমণ বিভাগৰ দায়িত্বত থকা জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে ৷

লগতে পঢ়ক: Pengeri Firing Incident: পেঙেৰীত উগ্ৰপন্থী-আৰক্ষীৰ মাজত গুলীয়াগুলী ঘটনা ভুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.