মৰিয়নী, 3 জুন : মৰিয়নী ৰেল জংচনৰ নিচেই সমীপৰ ৰেল পথত এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থলীত GRPF আৰু RPF উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। 06515 নম্বৰৰ উজনিমুৱা বিশেষ শ্ৰমিক ৰেল খনৰ পৰা পৰি এই যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেল আৰক্ষীয়ে ।
অচিনাক্ত যুৱকজন কি পৰিস্থিতিত এনেদৰে ৰেল পৰা মৃত্যু সাবটিলে সেই সন্দৰ্ভত ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । নীলা পেন্ট আৰু কলা বগা চাৰ্ট পিন্ধা অচিনাক্ত যুৱকজনৰ মৃতদেহ বৰ্তমান ৰেল আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ।
লগতে পঢ়ক : দেৱাশীষ হত্যাকাণ্ডৰ তদন্তত ৰাইজক সহায়ৰ আহ্বান আৰক্ষীৰ !