ETV Bharat / state

Mother Daughter Love Story : মাতৃৰ মৃতদেহৰ লগত দহ দিনে সহাৱস্থান কন্যাৰ !

author img

By

Published : Jan 10, 2023, 4:07 PM IST

যোৰহাটৰ এক মৰ্মস্পৰ্শী ঘটনা (tragic incident in Jorhat) । মাতৃ-কন্যাৰ মমতাৰ এক অনন্য নিদৰ্শন । জীয়াৰীয়ে দহ দিন ধৰি ঘৰতে সুমুৱাই ৰাখিলে মাতৃৰ মৃতদেহ । অৱশেষত আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ উৱলি যাব ধৰা মৃতদেহ ।

Jorhat
Jorhat

মাতৃৰ মৃতদেহৰ লগত দহ দিনে সহাৱস্থান কন্যাৰ !

যোৰহাট, ১০ জানুৱাৰী : এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ যোৰহাট (tragic incident in Jorhat) । মাতৃ আৰু কন্যাৰ মমতাৰ এক বেদনা গধুৰ ঘটনা । যি ঘটনাই সকলোৰে চকু সেমেকাই তোলাৰ লগতে বুকুৰ কোণত সৃষ্টি কৰিছে এক বুজাব নোৱৰা বিষ । এগৰাকী নিৰ্বোধ জীয়াৰীয়ে মানি ল'ব পৰা নাই মাতৃৰ মৃত্যুৰ নিৰ্মম সত্য (dead body recovered after 10 days in Jorhat) । যাৰ বাবে নীৰৱে মাতৃৰ মৃতদেহ সাবটি দহ দিনলৈকে সোমাই থাকিল ঘৰৰ ভিতৰতে । এই ঘটনাই বৰ্তমান যোৰহাটত এফালে যেনেদৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে, আনফালে আকৌ সকলোৰে হৃদয়ত তোলপাৰ লগাইছে ।

বিগত প্ৰায় দহ দিন ধৰি ঘৰৰ ভিতৰতে পৰি আছে এগৰাকী মহিলাৰ মৃতদেহ । কিন্তু কোনেও ঘূণাক্ষৰে জানিব পৰা নাছিল মহিলাগৰাকীৰ মৃত্যুৰ কথা (mentally ill girl kept dead body in house) । আনহাতে, মহিলাগৰাকীৰ লগত বাস কৰা একমাত্ৰ কন্যাইও মাতৃৰ মৃতদেহ সাবটি সোমাই আছিল ঘৰৰ ভিতৰতে । মাতৃৰ মৃত্যুক যেন কোনো প্ৰকাৰে মানি ল'ব পৰা নাই জীয়াৰীয়ে । যাৰ বাবে তেওঁ নিজ মাতৃৰ মৃত্যুৰ খবৰ কাকো জনোৱা নাছিল । নিজেও ওলাই অহা নাছিল ঘৰটোৰ ভিতৰৰ পৰা । অৱশেষত আৰক্ষীয়ে আহি উদ্ধাৰ কৰে মৃতদেহটো (Daughter spent with mothers body for ten days) ।

যোৰহাটৰ জেইল ৰোডত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো । মৃত মহিলাগৰাকীৰ নাম অপৰ্ণা বৰা । আনহাতে, তেওঁৰ কন্যা হৈছে মানসিকভাৱে অসুস্থ । মহিলাগৰাকীৰ সৈতে তেওঁৰ জীয়াৰীয়ে বাস কৰিছিল ঘৰটোত । প্ৰয়াত প্ৰেম বৰাৰ পত্নী হৈছে অপৰ্ণা বৰা । স্বামীৰ মৃত্যুৰ পিছত তেওঁ মানসিকভাৱে অসুস্থ জীয়াৰীৰ সৈতে জীৱন নিৰ্বাহ কৰিছিল । কিন্তু মৰম আৰু ভৰসাৰ শেষ আশ্ৰয় মাতৃৰ মৃত্যুত অসহায় হৈ পৰে তেওঁৰ একমাত্ৰ কন্যা ।

মানসিকভাৱে অসুস্থ হ'লেও তেওঁ যেন বুজি পায় মাতৃৰ মমতা । লগতে অনুভৱ কৰে মাতৃ অবিহনে তেওঁৰ অন্ধকাৰ ভৱিষ্যতৰ কথা । যাৰ বাবে মাতৃৰ মৃত্যুৰ পিছতো তেওঁৰ শেষকৃত্য কৰাৰ পৰা বিৰত ৰাখে । অৱশেষত তেনেকৈয়ে ক্ৰমাৎ উৱলি যাবলৈ আৰম্ভ কৰে মৃতদেহটো । যাৰ বাবে মৃতদেহটোৰ পৰা দুৰ্গন্ধও ওলাবলৈ আৰম্ভ হয় ।

ইফালে ইমান দিনে মাতৃ-কন্যাৰ কোনো শুংসূত্ৰ নোহোৱাত স্থানীয় লোকৰ সন্দেহ ওপজে । তাৰ পিছত স্থানীয় ৰাইজ আৰক্ষীৰ ওচৰ চাপে । অৱশেষত দণ্ডাধীক্ষৰ উপস্থিতিত যোৰহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । এই ঘটনাই এতিয়া সমগ্ৰ যোৰহাটকে জোকাৰি গৈছে । কিন্তু এতিয়া প্ৰশ্ন হৈছে, অলশৰীয়া হৈ পৰা মানসিকভাৱে অসুস্থ কন্যাগৰাকীৰ দায়িত্ব কোনে ল'ব ? ভৱিষ্যতৰ বাট কেনেদৰে বুলিব ? কোনে ল'ব এইগৰাকী মানসিকভাৱে অসুস্থ কন্যাৰ দায়িত্ব ?

লগতে পঢ়ক :Husband killed his wife in Jharkhand: প্ৰথম পত্নীৰে মিলি দ্বিতীয় পত্নীক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.