ETV Bharat / state

মহালয়াৰ পুৱা যোৰহাটত বাহাল থাকিব কাৰ্ফিউ

৬ অক্টোবৰ দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমণৰ দিন অৰ্থাৎ মহালয়া । কিন্তু যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিলে কঠোৰ নিয়ম ৷

author img

By

Published : Oct 5, 2021, 9:53 PM IST

curfew
মহালয়া

যোৰহাট, 5 অক্টোবৰ : বুধবাৰে মহালয়া ৷ স্বৰ্গলোকৰ পৰা মৰতলৈ নামি আহিব দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় উৎসৱ মুখৰ এক পৰিৱেশ ৷ কিন্তু যোৱাটো বৰ্ষৰ দৰে এইবাৰো ক’ভিড কেন্দ্ৰিক পৰিৱেশে যেন ম্লান পেলাব এই আনন্দত ৷

curfew
মহালয়াৰ পুৱা যোৰহাটত বাহাল থাকিব কাৰ্ফিউ

মহালয়া বুলিলে যোৰহাটৰ ৰাজপথত জনতাৰ বিৰদি নোপোৱা অৱস্থাৰ সৃষ্টি হয় । সকলোৱে হিলদল ভাঙি আহে প্ৰাতঃভ্ৰমণ কৰিবলৈ । কিন্তু এইবাৰ হ’ব ব্যতিক্ৰম । কিয়নো পূৰ্বৰ দৰে যোৰহাটৰ চহৰত মহালয়া দিনটোত ৰাইজৰ প্ৰাতঃভ্ৰমণ দেখিবলৈ পোৱা নাযাব। কাৰণ ক’ভিডৰ বাবেই জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিয়ম ।

মহালয়াত প্ৰাতঃভ্ৰমণৰ ক্ষেত্ৰত নতুন এছ অ’ পি জাৰি জিলা প্ৰশাসনৰ । কৰিব নোৱাৰিব মহালয়াৰ শোভাযাত্ৰা । পথৰ কাষত অস্থায়ী দোকান পোহাৰ দিয়াতো বাধা আৰোপ যোৰহাট জিলা প্ৰশাসনৰ ৷ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা যোৰহাটত ৷

উল্লেখযোগ্য যে পুৱতি নিশা লোকসকল ওলাই আহে মহালয়াত ফুৰিবলৈ । কিন্তু পুৱা ৫ বজাৰ লৈকে কাৰ্ফিউ থাকিলে ফুৰিব নোৱাৰিব । আনহাতে কাৰ্ফিউ ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী প্ৰশাসন । সকলোকে এই এছ অ’ পিৰ প্ৰতি সঁহাৰি জনোৱাৰ আহ্বান যোৰহাট জিলা প্ৰশাসনৰ ৷

লগতে পঢ়ক : মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.