ETV Bharat / state

পঞ্চভূতত বিলীন হ'ল নাৰায়ণ দেৱ গোস্বামীৰ নশ্বৰদেহ

author img

By

Published : Aug 12, 2020, 4:43 PM IST

এক আৱেগ বিহ্বল পৰিৱেশত অশ্ৰুশিক্ত নয়নেৰে শেষ বিদায় বৈষ্ণৱ পণ্ডিত তথা নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ দেৱ গোস্বামীক ৷ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় সত্ৰাধিকাৰ গৰাকীৰ ৷ 21 জাই টোপ ধ্বনীৰে শেষ বিদায় জনালে প্ৰশাসনে ৷

cremation-of-vaishnav-pandit-narayan-dev-goswami
পঞ্চভূতত বিলীন হ'ল নাৰায়ণ দেৱ গোস্বামীৰ নশ্বৰদেহ

যোৰহাট,12 আগষ্টঃ পঞ্চভূতত বিলীন হ'ল বৈষ্ণৱ পণ্ডিত তথা নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ দেৱ গোস্বামীৰ নশ্বৰদেহ । টোপ ধ্বনীৰে বিদায় জনালে প্ৰশাসনে । বৈষ্ণৱ পণ্ডিত, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক,নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীক অশ্ৰুশিক্ত নয়নেৰে বিদায় মাজুলী বাসীৰ । সত্ৰৰ বহাৰ সন্মুখৰ পৰা সত্ৰাধিকাৰ গৰাকীৰ শৱদেহ সত্ৰীয়া পৰম্পৰাৰে শংখ, খোল, তালৰ মংগল ধ্বনিৰ মাজৰে সমদল কৰি লৈ অনা হয় শেষকৃত্য স্থলীলৈ ।

শেষকৃত্য অনুষ্ঠানত প্ৰথমে আৰক্ষীয়ে টোপ ধ্বনীৰে শেষ বিদায় আৰু সন্মান জনোৱাৰ পিছতে অসম চৰকাৰৰ হৈ মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ লগতে মুখ্যমন্ত্ৰীৰ অ'.এছ.ডি.য়ে সত্ৰাধিকাৰ গৰাকীৰ দেহত পুষ্প মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ পিছতেই মাজুলীৰ আৰক্ষী অধীক্ষক, ভোগপুৰ, চামগুৰী, উত্তৰ কমলাবাৰীকে আদি কৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে শেষ বিদায় জনায় বৈষ্ণৱ পণ্ডিত গৰাকীক । ইয়াৰ পিছতে হৰি নামৰ ধ্বনীৰে সত্ৰৰ ভকত সকলে অশ্ৰুশিক্ত নয়নৰে চিতাত তুলি দিয়া হয় সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰ দেহ । বিশিষ্ট বৈষ্ণৱ পণ্ডিত গৰাকীৰ অন্তুষ্টিক্ৰিয়া অনুষ্ঠানত বিভিন্ন দল,সংগঠনৰ সদস্য লগতে অগণন লোক উপস্থিত থাকে।

লগতে পঢ়কঃআছুৰ ৬নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.