ETV Bharat / state

তিতাবৰত 100 গৰাকী ক'ভিড যোদ্ধাক ক'ভিড প্ৰতিষেধক প্ৰদান

তিতাবৰৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰথমটো ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ক'ভিড যোদ্ধা নুৰজাহান হাজৰিকাক ৷

covid-vaccination-started-at-jorhat
তিতাবৰত 100 গৰাকী ক'ভিড যোদ্ধাক ক'ভিড প্ৰতিষেধক প্ৰদান
author img

By

Published : Jan 16, 2021, 4:09 PM IST

যোৰহাট,16 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো 16 জানুৱাৰী অৰ্থাৎ শনিবাৰৰে পৰা আৰম্ভ কৰা হৈছে কভিড-19 ৰ প্ৰতিষেধক প্ৰদান অভিযান ৷ ৰাজ্যৰ আনকেইখন জিলাৰ লগতে যোৰহাটৰ তিতাবৰৰ মহকুমাত প্ৰথম পৰ্যায়ত সাঙুৰি লোৱা হৈছে 100 জনকৈ ক'ভিড যোদ্ধাক ৷ শনিবাৰে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত, স্বাস্থ্য বিভাগৰ লগত জড়িত 100 জনকৈ বিষয়া কৰ্মচাৰীক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, তিতাবৰৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰথমটো ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ক'ভিড যোদ্ধা নুৰজাহান হাজৰিকাক ৷ ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ পাছত স্বাস্থ্য কৰ্মীসকলক বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে ৷

লগতে পঢ়কঃ 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.