ETV Bharat / state

ক’ভিডৰ ছুপাৰ স্প্ৰেডাৰৰ ৰূপত দৈনিক বজাৰ

author img

By

Published : May 7, 2021, 2:18 PM IST

বাৰম্বাৰ সতৰ্ক কৰাৰ পাচতো, প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাচতো গা লৰা নাই একাংশৰ । ক'ভিড বিধিক ধোঁৱাচাঙত তুলি সামগ্ৰী ক্ৰয়ৰ নামত বজাৰত গ্ৰাহকৰ ভিৰ । সামাজিক দূৰত্বৰ চিন-চাবেই নাই ।

Covid protocol violation
যোৰহাটৰ দৈনিক বজাৰত ক'ভিড বিধি উলংঘন

যোৰহাট, ৭ মে': যোৰহাটত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ এক অন্যতম কেন্দ্ৰ হৈ পৰিছে দৈনিক বজাৰবোৰ । বজাৰলৈ অহা অধিকাংশ লোকেই অসাৱধান । সঠিকভাৱে মাস্কো নিপিন্ধে এইসকল লোকে । সামাজিক দূৰত্বৰ অৰ্থ এওঁলোকে যেন বুজিয়েই নাপায় । সামগ্ৰী ক্ৰয়ৰ নামত দোকানে দোকানে গ্ৰাহকৰ ভিৰ । সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো এতিয়া বৃদ্ধি পাইছে দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা ।

এতিয়ালৈকে জিলাখনৰ ৭৩৭ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, ৮৭ জনে প্ৰাণ হেৰুৱাইছে । ইয়াৰ পিছতো একাংশ লোক সজাগ হোৱা নাই । দ্ৰুত গতিত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে । সেয়ে, বজাৰসমূহ দিনৰ ২ বজাত বন্ধ কৰা হৈছে ।

কিন্তু পুৱা ৯ বজাৰ পৰা ২ বজালৈ এই সময়চোৱাত যোৰহাট চহৰত মানুহে ক'ভিড প্ৰট'কল পাহৰি যায় । সাধাৰণ মানুহৰ লগতে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী, আন আন ব্যৱসায়িক প্ৰতিষ্ঠানবোৰত কৰ্মৰত লোকে ক'ভিড বিধি উলংঘা কৰে । সামাজিক দূৰত্ব মানি চলাৰ নামেই নলয় একাংশই ।

আনহাতে, মুখৰ পৰিৱৰ্তে একাংশ অসচেতন লোকে ঠুঁটৰিত পৰিধান কৰা পৰিলক্ষিত হৈছে । চৰকাৰ তথা বিভিন্ন সংগঠনে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে যদিও একাংশ লোকৰ অসাৱধনতাৰ বাবে মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ আছে ।

লগতে পঢ়ক:জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছসহ জালনোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.