যোৰহাট,২৭ এপ্ৰিল: ৰাজ্যৰ প্ৰায় সকলো জিলাতে কৰ'ণা সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । কেইবাখনো জিলাত প্ৰশাসনে প্ৰাথমিক বিদ্যালয় ঘোষণা কৰিছে । কামৰূপ মহানগৰ জিলাত যথেষ্ট সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগে লগে সকলো বিদ্যালয়কে ধৰি শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে । ইয়াৰ মাজতে মঙলবাৰৰ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে সমগ্ৰ অসমতে ।
ইফালে ক'ভিড আক্ৰান্তৰ সংখ্যা তিনিশৰো অধিক হোৱাত কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন । জিলা উপায়ুক্ত ৰশ্নি অপাৰঞ্জী কৰাটীয়ে দিয়া নিৰ্দেশনা অনুসৰি জিলাখনত বিদ্যালয়, মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান আৰু হোষ্টেলসমূহ বন্ধৰ ঘোষণা কৰিছে । বুধবাৰৰ পৰা ১২ মে' পৰ্যন্ত কাৰ্যকৰী হ’ব এই নিৰ্দেশনা ।