ETV Bharat / state

24 ঘণ্টাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 22 গৰাকী শিক্ষাৰ্থী ক'ভিডত আক্ৰান্ত

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ৷ বিগত 24 ঘণ্টাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 22 গৰাকী শিক্ষাৰ্থী ক'ভিডত আক্ৰান্ত হৈছে ৷ এই খবৰে শংকিত কৰিছে ৰাজ্যবাসীক ৷

author img

By

Published : Oct 1, 2021, 10:31 PM IST

covid-infection-increasing-in-the-state-on-the-eve-of-durga-festival
শাৰদীয় দূৰ্গা উৎসৱৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ

যোৰহাট, 1 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে আকৌ এটা বেয়া খবৰ ৷ পুনৰ ক'ভিডত আক্ৰান্ত হৈছে ৰাজ্যৰ কেইবাজনো চিকিৎসক ৷ বিগত 24 ঘণ্টাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 22 গৰাকী শিক্ষাৰ্থী ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে 3 গৰাকী স্নাতকোত্তৰ শ্ৰেণীৰ, 7 গৰাকী ইণ্টাৰ্ণ আৰু বাকী সকল চতুৰ্থ আৰু যষ্ঠ ষান্মাষিকৰ ৷

আনহাতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সাময়িকভাৱে অফলাইন পাঠদান স্থগিত ৰাখিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ বৰ্তমান যোৰহাট জিলাত দৈনিক 50 জনৰো অধিক লোক ক'ভিডত আক্ৰান্ত হোৱা খবৰ আহিছে ৷

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক'ভিডৰ ভেকচিনৰ বাবে মেগা-ভেকচিন কেম্প কৰিছে ৷ তথা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দৈনিক নতুন নতুন এছ অ’ পি প্ৰকাশ কৰিছে যদিও হ্ৰাস পোৱা নাই ক'ভিডৰ সংক্ৰমণ ৷

এতিয়া প্ৰশ্ন হয় সুৰক্ষিত তথা নিৰাপদ বিধি মানি চলা চিকিৎসক সকলেই যদি ক'ভিডত আক্ৰান্ত হয় তেতিয়া হ’লে সাধাৰণ মানুহৰ কি হ'ব ? দুৰ্গা পূজাৰ আনন্দ স্ফূৰ্তিৰ নামত যদি অত্যাধিক জনসমাগম হয় তেনেহলে ৰাজ্যত ক'ভিডত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.