ETV Bharat / state

এম্বুলেঞ্চতে সন্তান প্ৰসৱ ক’ভিড আক্ৰান্ত প্ৰসূতিৰ - jorhat

108 মৃত্যুঞ্জয় এম্বুলেঞ্চতে এগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিলে এটি কন্যাসন্তান ৷ ক’ভিড আক্ৰান্ত প্ৰসূতি গৰাকী যোৰহাটৰ ভগামুখৰ চিন্তামনি গড়ৰ জোনালী শইকীয়া ৷

ক’ভিড প্ৰসূতিয়ে মৃত্যুঞ্জয় সেৱাত জন্ম দিলে এটি কন্যাসন্তানক

author img

By

Published : May 13, 2021, 9:26 AM IST

যোৰহাট,13 মে’: বুধবাৰে যোৰহাটত এগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে 108 মৃত্যুঞ্জয় এম্বুলেঞ্চত এটি কন্যাসন্তান প্ৰসৱ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ক’ভিড আক্ৰান্ত প্ৰসূতি গৰাকী যোৰহাটৰ ভগামুখৰ চিন্তামনি গড়ৰ জোনালী শইকীয়া ৷

এম্বুলেঞ্চতে ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিলে কন্যাসন্তান

প্ৰসূতি গৰাকীক 108 সেৱাযোগে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিবলৈ লৈ অহাৰ সময়তে এম্বুলেঞ্চখনতে মহিলাগৰাকীয়ে সন্তানটি প্ৰসৱ কৰে ৷ উল্লেখ্য যে, অতি সীমিত সা-সুবিধাৰ মাজেৰে 108 ৰ স্বাস্থ্যকৰ্মী সকলে সন্তানটি প্ৰসৱ কৰাৰ ক্ষেত্ৰত মহিলা গৰাকীক সহায় কৰে ৷

জানিব পৰা মতে, সম্প্ৰতি নৱজাতকসহ মাতৃ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে জানিবলৈ দিয়া মতে, নৱজাতক আৰু মাতৃ দুয়ো বৰ্তমান সুষ্ঠ অৱস্থাত আছে ৷

লগতে পঢ়ক: ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.