যোৰহাট, 14 জুলাই : যোৰহাটত এতিয়া দৈনিক বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা । ক্ৰমান্বয়ে গণ সংক্ৰমণৰ দিশলৈ গতি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে যোৰহাটত ৷ ইতিমধ্যে যোৰহাটত ৩৯২ জন আক্ৰান্ত হৈছে বৰ্তমানলৈকে । ইয়াৰে ভিতৰত চিকিৎসাধীন হৈ আছে ১২৫ জন। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ১০৬ গৰাকী আক্ৰান্তক । আনহাতে ২১ গৰাকীক বায়ু সেনা চিকিৎসালয়ত আৰু ৪৪ গৰাকীক ন-বৰা চুক মডেল হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : ৰাজ্যৰ পুনৰ 1001 গৰাকী আক্ৰান্ত কোভিড-19 ত