ETV Bharat / state

মৰিয়নীত আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ - মৰিয়নীত আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ

2015 চনত 45 হাজাৰ কোটি টকা ব্যয়েৰে শুভাৰম্ভণি কৰা আই.পি.ডি.এছ আঁচনিৰ অধীনৰ কামত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ একাংশ লোকে ৷ অভিযোগ অনুসৰি, কাম সম্পূৰ্ণ নৌহওঁতেই মৰিয়নীত হালি পৰিছে আই পি ডি এছ আঁচনিৰ বিদ্যুতৰ খুটা ৷

আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ
আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ
author img

By

Published : Sep 4, 2020, 5:09 PM IST

মৰিয়নী, 4 চেপ্তেম্বৰ: কাম সম্পূৰ্ণ নৌহওঁতেই মৰিয়নীত হালি পৰিছে আই পি ডি এছ আঁচনিৰ বিদ্যুতৰ খুটা ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে 24 ঘণ্টাই বিজুলীবাতিৰ যোগানৰ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে, 2015 চনত শুভাৰম্ভণি কৰিছিল এই আঁচনিৰ ৷ 2015 চনত 45 হাজাৰ কোটি টকা ব্যয়েৰে ইণ্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট চমুকৈ আই.পি.ডি.এছ আঁচনিৰ শুভাৰম্ভণি কৰিছিল ৷ আঁচনি খনৰ অধীনত অসম ৰাজ্যিক বিদুৎ পৰিষদৰ অধীনস্থ এ.পি.ডি.চি.এলে ৰাজ্যৰ ভিন্ন স্থানত বিদ্যুৎ পৰিবাহী খুটা আৰু ট্ৰান্সফৰ্মাৰ স্থাপন কৰা হৈছে ৷ ব্যতিক্ৰম নহ'ল মৰিয়নীও ৷

মৰিয়নীত আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ

আই.পি.ডি.এছ আঁচনিৰ অধীনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মৰিয়নীস্থিত নাগাজাংকা বিদ্যুৎ উপ সংমণ্ডলৰ পৰা নকছাৰি বিদ্যুৎ উপকেন্দ্ৰলৈ, 33 কে.ভিৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘৰ বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰা হয় ৷ কিন্তু প্ৰায় 40-50 ফুট ওখ লোহাৰ টিউবলাৰ বিদ্যুতৰ খুটাবোৰ সম্প্ৰতি অতি বিপদজনক অৱস্থাত পৰি ৰৈছে ৷ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুটাবোৰ হালি পৰিছে ৷ খুটাবোৰ স্থাপনৰ কাম অতি নিম্ন মানদণ্ডৰ হোৱাৰ বাবেই এনে হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে নাগাজাংকা বিদ্যুৎ উপ সংমণ্ডলৰ নিকটৱৰ্তী সোণোৱাল চাহ বাগিছাত থকা একাধিক লোহাৰ খুটা হালি পৰা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত নাগাজাংকা উপ সংমণ্ডলৰ অভিযন্তা জ্যোতি প্ৰসাদ পেগুয়ে জনোৱা মতে, নিয়ম অনুসৰি 14-15 মিটাৰ ওখ লোহাৰ টিউবলাৰ খুটাবোৰ, আঢ়ৈৰ পৰা তিনি মিটাৰ দকৈ মাটিৰ তলৰ পৰা কংক্ৰীটেৰে পুতিব লাগে ৷ কিন্তু সোণোৱাল চাহ বাগিছাৰ বিদ্যুৎ পৰিবাহী খুটাবোৰ আঢ়ৈ মিটাৰটো বাদেই 1 মিটাৰো কংক্ৰীট কৰা হোৱা নাই ৷

সোণোৱাল চাহ বাগিছাত থকা একাধিক লোহাৰ খুটা হালি পৰা পৰিলক্ষিত হৈছে

লগতে পঢ়ক: কিয় জননী সুৰক্ষা আঁচনিক লৈ সুখী নহয় হিতাধিকাৰী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.